Fitassam.xyz- An Assamese language health topics website and blog

Public RSS Widgets

» Fit Assam 

  • পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…
  •  

    পাল্স অক্সিমিটাৰ-Pulse oximeter

    পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…
    Pulse oximeter



    পাল্স অক্সিমিটাৰ-Pulse oximeter ৰ উদ্দেশ্য হ'ল যে আপোনাৰ হাৰ্টে আপোনাৰ শৰীৰৰ মাধ্যমেৰে কিদৰে অক্সিজেন  পাম্প কৰিছে তাক পৰীক্ষা কৰা। পাল্স অক্সিমিটাৰ- Pulse oximeter এটি সাধাৰণ ডিভাইচ যি আপোনাৰ ৰক্তত অক্সিজেনৰ পৰিমাণ পৰিমাপ কৰাত ইনফ্ৰাৰড লাইট (infrared light) ব্যৱহাৰ কৰে আৰু মাত্ৰ কিছু চেকেন্ডৰ ভিতৰতে সঠিক ফলাফল দিয়ে।  প্ৰথমতে, এয়া জনা প্ৰয়োজন যে ৰক্তত অক্সিজেনৰ পৰিপূৰ্ণতা পৰিমাপ কৰাৰ প্ৰয়োজন কিয়? লোহিত ৰক্ত ​​কোষত উপস্থিত হিমোগ্লোবিনে নিজক অক্সিজেনৰ লগত সংযুক্ত কৰে আৰু শৰীৰৰ বিভিন্ন অংশলৈ ৰক্ত ​​বহন কৰে। ওৱৰ্ল্ড হেলথ অৰ্গানাইজেচন (WHO) Pulse Oximetry Training Manual 2011 অনুসৰি, হিমগ্লোবিনৰ প্ৰতিটো কণায়ে অক্সিজেনৰ 4 কণিকা পৰ্যন্ত বহন কৰিব পাৰে। যি ব্যক্তিৰ শৰীৰত হিমোগ্লবিনে ৰক্তত উপস্থিত অক্সিজেনৰ 4 টি কণাক আবদ্ধ কৰিব পাৰে তেওঁলোকৰ দেহত অক্সিজনৰ পৰিপূৰ্ণতা 100 শতাংশ হয়৷  সাধাৰণভাবে, হিমগ্লবিন অক্সিজেনৰ স্যাচুৰেছন (saturation) 95 শতাংশ বা তাৰ বেছি হোৱা উচিত।

      

    পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…


    তথাপি শ্বাসকষ্ট, বুকৰ বিষ বা হাঁপানি, সিওপিডি(COPD)  বা কোভিড -১৯ (Covid-19) ৰ দৰে শ্বাসকষ্টজনিত অসুস্থতায়ে ৰক্তত  94 শতাংশৰো কম সংখ্যক অক্সিজেনৰ স্যাচুৰেশন স্তৰ হ্ৰাস কৰিব পাৰে আৰু  এই অৱস্থাক হাইপোক্সিমিয়া(hypoxemia)

    বোলা হয়।  হাইপোক্সিমিয়া ৰোগীৰ ক্ষেত্ৰত কোনো পলম নকৰি তাৎক্ষণিক অক্সিজেন থেৰাপিৰ প্ৰয়োজন হয় যি খুব সহজ আৰু কাৰ্যকৰ ডিভাইচ অক্সিজেন চিলিন্ডাৰ আৰু মাস্কৰ মাধ্যমেৰে দিব পৰা যায়৷



    অক্সিজেনৰ এই অভাৱত যদি সময় মতে চিকিৎসা কৰা নহয় তেন্তে হাইপোক্সমিয়া advanced stage পাব পাৰে যেতিয়া শৰীৰৰ বিভিন্ন অংশ কাম কৰাৰ বাবে প্ৰয়োজনীয় অক্সিজন নাপায় আৰু এই অৱস্থাক হাইপোক্সিয়া (hypoxia) বোলা হয়৷ ই এটি মাৰাত্মক অৱস্থা হৈ পৰে আৰু তেতিয়া ৰোগীৰ সাধাৰণ অক্সিজেন থেৰাপিৰ লগতে ভেন্টিলেটৰ বা ECMO মেছিনৰ প্ৰয়োজন হব পাৰে।


    যদিও এই ডিভাইসবিধ হস্পিতেলসমূহত প্ৰচুৰ ব্যৱহৃত হয় তথাপি পাল্স অক্সিমিটাৰ- Pulse oximeter এটি খুব সহজ ডিভাইস আৰু ইয়াক ঘৰতো ব্যৱহাৰ কৰিব পৰা যায়। এই মেছিনটো দেখাত স্ট্যাপলাৰৰ দৰে, আপুনি মাত্ৰ ইয়াক আপোনাৰ তৰ্জনী আঙুলি, ভৰিৰ আঙুলি বা কানৰ লতি লগাব পাৰে যত আপোনাৰ বাবে সুবিজনক হয়।  মেছিনটো Sp02  ৰিডিং দেখায় যি ৰক্ত অক্সিজেনৰ সম্পৃক্ততাৰ শতাংশ (percentage of oxygen saturation) হয়৷  


    যদি পৰিমাপ 95 শতাংশৰও কম হয় তেন্তে ইয়াৰ অৰ্থ আপুনি অবিলম্বে ডাক্তৰৰ লগত যোগাযোগ কৰা উচিত।


    পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…


    বৰ্তমান, প্ৰচুৰ সংখ্যক মানুহে পাল্স অক্সিমিটাৰ- Pulse oximeter-প্ৰয়োগ কৰিব ধৰিছে আৰু ইয়াৰ এটি কাৰন হৈছে কোভিড -১৯ (Covid-19) মহামাৰী।  আচলতে, কোভিড -19 (Covid-19) ৰোগ হিপি হাইপোক্সিয়া বা নীৰব হাইপোক্সিয়াৰ (heapy hypoxia or silent hypoxia) লগত সম্পৰ্কিত।  সহজ কথাত হিপি হাইপোক্সিয়া এনে এটি স্হিতি যেতিয়া ৰোগীক বাহ্যিকভাবে শৰীৰত খুব কম স্তৰৰ অক্সিজেনৰ লক্ষণ দেখা নাযায়, কিন্ত্ত দেহৰ অভ্যন্তৰত তাৰ ৰক্ত অক্সিজেনৰ স্যাচুৰশনৰ স্তৰ হ্ৰাস পায়। এই সময়ত ৰোগীৰ জৰুৰী যত্ন প্ৰয়োজন। এনে পৰিস্থিতিত যদি ঘৰতেই পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter থাকে তেন্তে সময়ে সময়ে অক্সিজেনৰ স্তৰটি পৰীক্ষা কৰি সাৱধান হব পৰা যায়৷


    পাল্স অক্সিমিটাৰৰ - pulse oximeter অন্যান্য প্ৰয়োগ


    পাল্স অক্সিমিটাৰ-Pulse oximeter কেৱল Covid-19 ৰোগীৰ বাবেই নহয় অন্য কিছুমান স্বাস্থ্য ক্ষেত্ৰতো প্ৰয়োজনীয়৷  এই স্বাস্থ্য স্হিতিসমূহৰ ভিতৰত আছে:


    ‣ Chronic obstructive pulmonary disease (COPD) 


    হাঁপানি- Ashthma


    ‣ নিউমোনিয়া


    ‣ হাওঁফাওঁৰ ক্যান্সাৰ


    ৰক্তাল্পতা বা এনিমিয়া


    হাৰ্ট এটেক্ বা হৃদৰোগ


    ‣ জন্মগত হাৰ্টৰ ত্ৰুটি


    পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…


    পাল্স অক্সিমিটাৰ - PULSE OXIMETER কিদৰে কাম কৰে?How does Pulse Oximeter Work? in assamese


    পাল্স অক্সিমিটাৰ- Pulse oximeter ডিভাইসবিধ আঙুলি, ভৰিৰ আঙুলি বা কানত বা শৰীৰৰ যি অংশত প্ৰয়োগ কৰা হয়, সেই অংশত সকলোতকৈ সৰু ৰক্ত ​​ধমনী যাক capillary  বা capillaries বোলা হয়, তাত ইনফ্ৰাৰড ৰশ্মি প্ৰেৰণ কৰে আৰু অক্সিজেনৰ দ্বাৰা প্ৰতিহত হৈ উভতি অহা ৰশ্মিক মাপ কৰি, কিছু মাত্ৰ চেকেন্ডৰ ভিতৰত অক্সিজেনৰ স্যাচুৰশন সম্পৰ্কে ধাৰণা পাব পৰা যায়। ইয়াৰ লগতে মেছিনটোৱে নাড়িৰ হাৰ(pulse rate) পৰ্যবেক্ষণ কৰিব পাৰে৷  


    (পাল্স অক্সিমিটাৰ- Pulse oximeter  কপাল আৰু নাকৰ অংশৰ বাবেও উপলব্ধ আছে৷ গৱেষণা পৰা জনা গৈছে যে, শৰীৰ খুব কম অক্সিজেনৰ স্যাচুৰশন ৮০ শতাংশৰো কম হলে নাক আৰু কানৰ অংশসমূহ আঙুলি বা ভৰিৰ আঙুলিৰ তুলনাত দ্ৰুতভাৱে ধৰিব পাৰে৷ অৱশ্যে আঙুলি বা ভৰিৰ আঙুলিৰ পৰা লোৱা ৰিডিং সঠিক হিচাবে বিবেচনা কৰা হয়)



    ৯৫ পৰা ১০০ শতাংশৰ মাজৰ ৰিডিং স্বাভাৱিক বুলি বিবেচিত হয়।  যদি কোনো ব্যক্তিৰ দীৰ্ঘ সময়ধৰি শ্বাস প্ৰশ্বাসৰ ৰোগ হয় তেন্তে সেই ব্যক্তিৰ বাবে স্বাভাৱিক অক্সিজেনৰ স্তৰ কিছু পৰিমাণে কম হব পাৰে, বিশেষকৈ যদি ৰোগীৰ দীৰ্ঘম্যাদী হাঁপানী ৰোগ হয়। এনেধৰণৰ পৰিস্থিতিত তেওঁলোকে অক্সিজেন স্যাচুৰশন স্তৰ সম্পৰ্কে ডাক্তৰৰ লগত পৰামৰ্শ কৰি পাল্স অক্সিমিটাৰ- Pulse oximeter মেছিনবিধ নিজৰ লগত ৰখা উচিত।  


    পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…

    তথাপি, পাল্স অক্সিমিটাৰ- Pulse oximeter- সৰঞ্জামবিধৰ কিছু সীমাবদ্ধতা আছে।  


    প্ৰথমতে-  প্ৰায় ভুল হোৱাৰ সম্ভাৱনা (margin of error) 2 শতাংশ থাকে আৰু 

    দ্বিতীয়তে - এই উপকৰণে কাম নকৰিব যদিহে হাতৰ আঙুলিত নেইল পেইন্ট থাকে বা আপনাৰ হাত আৰু ভৰি খুব শীতল হয়।  


    অন্যান্য ক্ষেত্ৰত, পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter ব্যৱহাৰ কৰা খুব সহজ আৰু নিৰ্ভৰযোগ্য মেছিন যাৰ মাধ্যমেৰে ৰক্তৰ অক্সিজেনৰ স্যাচুৰশন পৰীক্ষা কৰা যায়।

     


    পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter উপকৰনবিধৰ  দাম 500 টকাৰপৰা 5000 পৰ্যন্ত হব পাৰে।  কিছুমান অক্সিমিটাৰ ব্লুটুথৰ (bluetooth)ৰ দৰে বৈশিষ্ট্যও আছে যি আপোনাৰ ফোনৰ লগত সংযুক্ত থাকে আৰু স্বয়ংক্ৰিয়ভাৱে কাম কৰে। 


    BUY “PULSE OXIMETER” ONLINE-



    আশাঁ কৰো উপৰোক্ত “pulse oximeter” সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে পঢ়ি ভাল পালে উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

    ধন্যবাদ 🙏 


    *( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


    Follow “fitassam”- 


    Instagram-https://www.instagram.com/fitassam/?r=nametag

    Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

    email- fitassam@gmail.com





    www.fitassam.xyz

  • দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese
  •  

    দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese





    দাঁতৰ আলুৰপৰা তেজ উলোৱা (bleeding gums) আলু সম্পৰ্কিত ৰোগৰ ভিতৰত সৰ্বাধিক সাধাৰণ লক্ষণ, তথাপি ই অন্যান্য স্বাস্থ্য সম্পৰ্কীয় ৰোগৰ ফালেও নিৰ্দেশ কৰে।  মাজে মাজে দাঁতৰ আলু পৰা ৰক্তপাত বা তেজ উলোৱা সমস্যাত খুব বেছি ঘঁহি ঘঁহি ব্ৰাছ কৰাৰ কাৰণে বা সঠিকভাব খাপ নোখোৱা dentures (কৃত্ৰিম দাঁত) ৰ বাবেও হব পাৰে।  দাঁতৰ আলুৰ পৰা বাৰে বাৰে ৰক্তপাত বা তেজ উলোৱা অন্যান্য গুৰুতৰ অৱস্থাৰ  ইঙ্গিত কৰিব পাৰে, যিবিলাকৰ মাজত আছে - 


    ‣ Periodontitis: দাঁতৰ আলুৰ ৰোগ এটি অন্য ৰূপ, 

    ‣ ভিটামিনৰ অভাৱ

    ‣ গৰ্ভাৱস্থাত হৰমন পৰিবৰ্তন ইত্যাদি৷


    অৱশ্যে, দাঁতৰ আলুৰ পৰা ৰক্তপাত বা তেজ উলোৱা সাধাৰণ বুলি ভবা হয়  যদিও আপুনাৰ দাঁতৰ আলুৰ পৰা যদি নিয়মিত বা অতিৰিক্ত ৰক্তক্ষৰণ হয় তেন্তে ইয়াৰ উপেক্ষা কৰা উচিত নহয়।   



    দাঁতৰ আলুৰপৰা ৰক্তপাত বা তেজ উলোৱা  লক্ষণসমূহ- Bleeding Gums Symptoms in Assamese


    দাঁতৰ আলুৰ ৰক্তপাত বা তেজ উলোৱা সময়ত, ইয়াৰ লগত নিম্নলিখিত উপসৰ্গ আৰু লক্ষণগসমুহ দেখা দিব পাৰে -  


    দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese


    ‣ আলু ফুলি উঠা, 

    ‣ মুখ আৰু দাঁতৰ আলুৰ চাৰিওপাশে বিষ অনুভৱ হোৱা,

    ‣ আলুসমূহ গাঢ় ৰঙা বা বেঙুনীয়া ধৰনৰ হোৱা, 

    ‣ দাঁতৰ আলু চুলে বিষ হোৱা,

    ‣ দাঁতৰ আলু আৰু দাঁতসমূহৰ মাজৰ দূৰত্ব বাঢ়ি যোৱা, 

    ‣ মুখৰ গোন্ধ বা মুখৰ সোৱাদ বেয়া হয়, দাঁতসমূহ ঢিলা হোৱা  ইত্যাদি।  




    দাঁতৰ আলুৰপৰা ৰক্তপাত বা তেজ উলোৱা কাৰণসমূহ - Bleeding Gums Causes in assamese



    দাঁত আৰু অন্যান্য শাৰীৰিক সমস্যাৰ কাৰণে দাঁতৰ আলুৰ ৰক্তপাত বা তেজ হব পাৰ, ইয়াৰউপৰি কিছুমান জীৱনশৈলী লগত সমস্যাসমূহ যি দাঁতৰ আলুৰপৰা ৰক্তপাত বা তেজ উলোৱা কাৰণ হব পাৰে।

      

    ভিটামিন চি অভাৱ-


    যেতিয়া কোনো ব্যক্তি তেওঁৰ ডায়েটত পৰ্যাপ্ত পৰিমাণ ফলমূল আৰু শাকসব্জি অন্তৰ্ভুক্ত নহয় তেতিয়া ভিটামিন চি ৰ অভাৱ হব পাৰে৷ ইয়াৰফলত, দাঁতৰ 

    আলুত বিষ আৰু ফোলাভাব সৃষ্টি কৰিব পাৰে যাৰ কাৰণে তেজ প্ৰবাহিত হোৱা আৰম্ভ হয়৷  


    লিভাৰৰ ৰোগ-


    যিকোনো ধৰণৰ লিভাৰ ডিজিজ আৰু এলকোহলজনিত কাৰণে লিভাৰৰ কাৰ্যকাৰিতা বাধা সৃষ্টি কৰে, যাৰবাবে দাঁতৰ আলুত ৰক্তক্ষৰণ হব পাৰে, কিছু ধৰণৰ কেন্সাৰ যেনে লিউকমিয়া (Leukaemia / ৰক্তৰ কেন্সাৰ) বা অস্থি মজ্জাৰ কেন্সাৰ।  এটি দাঁতৰ আলু থক ৰক্তক্ষৰণও কৰে।  

     

    ভিটামিন কে অভাৱ-


    শৰীৰৰ clotting প্ৰক্ৰিয়াটিৰ বাবে ভিটামিন কে এটি গুৰুত্বপূৰ্ণ উপাদান। গতিকে যেতিয়া ভিটামিন কে ৰ অভাৱ হয় তেতিয়া দাঁতৰ আলুসহ শৰীৰৰ যিকোনো স্হানত ৰক্তক্ষৰণৰ প্ৰৱণতা বৃদ্ধি পায়।


    দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese



     একাবেকা দাঁত-


    এনে দাঁতসমূহ পৰিষ্কাৰ কৰা খুব কঠিন হব পাৰ, ইয়াৰ ফলত দুটি দাঁতৰ মাজত আহাৰ লাগি ধৰিব পাৰে। ইয়াৰ ফলত দাঁতৰ আলুৰ ফোলাভাব হয় আৰু সহজেই ৰক্তক্ষৰণ হব পাৰে। 

    বেছি চাপ দি ব্ৰাছ কৰাৰ বাবে নতুবা কঠোৰ ব্ৰাছ ব্যৱহাৰ কৰাৰ বাবে দাঁতৰ আলুৰ পৰা তেজ উলাব ধৰে৷


    ব্লিডিং সম্বন্ধীয় বিকাৰ জেনেটিক (genetic) আৰু অজ্ঞাত উৎসৰ বাবেও হব পাৰে৷ ই পোণপ্ৰথমে ৰক্তস্ৰাৱৰ মাধ্যমেৰে প্ৰকট হব পাৰে৷


    ঔষধৰ ফলত-


    কিছুমান ঔষধ যেনে হাৰ্ট এটেক আৰু স্ট্ৰকৰ বাবে দিয়া (এচপিৰিন), মৃগী ৰোগৰ ঔষধ, কেন্সাৰৰ কেমোথেৰাপি ইত্যাদিৰ কাৰণেও দাঁতৰ আলুত ৰক্তক্ষৰণ হব পাৰে।  


    ওপৰত বৰ্ণিত এই কাৰণসমূহৰ উপৰিও, ধপাত সেৱন, স্ট্ৰেচ, ৰেডিয়ছন থেৰাপি, এইচআইভি (HIV) ইত্যাদিৰ অনেক কাৰণ থাকিব পাৰে৷ এইসমূহ ৰোগে  সকলো দাঁতৰ আলু সম্পৰ্কিত ৰোগৰ সৃষ্টি কৰিব পাৰে, এই ৰোগসমূহৰ এটি লক্ষণ হিচাবে দাঁতৰ আলু  ৰক্তপাত বা তেজ ক্ষৰণ হোৱা আৰম্ভ হব পাৰে। গতিকে সাৱধান হোৱাতো অতি প্ৰয়োজন৷ 



    দাঁতৰ আলুৰ ৰক্তপাত বা তেজ উলোৱা প্ৰতিৰোধ -Prevention of Bleeding Gums in assamese


    আপোনাৰ দাঁতৰ আলুৰ পৰা ৰক্তপাত বা তেজ উলোৱা ৰোধ কৰিবলৈ, আপুনি নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰে-


    এজন ডেন্টিস্ট(dentist ) ক দেখাওক


    মুখৰ যত্নৰ অভ্যাসসমূহ পৰিবৰ্তন কৰা, ঔষধসমূহ সঠিকভাব গ্ৰহণ কৰা আৰু স্বাস্থ্যকৰ ডায়েট গ্ৰহন কৰা স্বত্বেও যদি আপোনাৰ দাঁতৰ আলু ৰক্তপাত বা তেজ উলোৱা বন্ধ হোৱা নাই তেন্তে অনতিপলমে dentist ক দেখোৱা উচিত৷

     

    দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese



    এই ক্ষেত্ৰত, দাঁতৰ ডাক্তৰে(dentist) য়ে আপোনাৰ দাঁতৰ আলু পৰীক্ষা কৰিব আৰু আপনাৰ কোনো গুৰুতৰ সমস্যা আছ নে নাই সেয়া নিৰ্ধাৰণ কৰিব। 


    নিজৰ ঔষধসমূহৰ বিষয়ে চিকিৎসকক শুধক


    এনে কিছুমান ঔষুধ আছে যি দাঁতৰ আলু পৰা ৰক্তক্ষৰণৰ সম্ভাৱনা বঢ়ায় তোলে।  কিছু বিষ উপশমকাৰী ঔষধ যেনে এচপিৰিনে ৰক্ত ​​পাতল কৰে, যাৰ ফলত ৰক্তপাত হয়।  এই ধৰনৰ ক্ষেত্ৰত, চিকিৎসকে এই ঔষধসমূহৰ পৰিবৰ্তে অন্যান্য ঔষধ লিখি দিয়ে। 


    আপোনাৰ টুথব্ৰাছ পৰীক্ষা কৰক


    যদি আপনাৰ দাঁতৰ আলুত ৰক্তক্ষৰণ হয় আৰু আপোনাৰ দাঁত ব্ৰাছ কঠোৰ বা টান হয়, তাৰ পৰিবৰ্তে কোমল টুথব্ৰাছ ব্যৱহাৰ কৰক। 


    এটি ভাল আৰু সুষম ডায়েট গ্ৰহন কৰক


    এটি সুষম ডায়েট, য’ত প্ৰচুৰ পৰিমাণ ভিটামিন চি আৰু কেলচিয়াম থাকে তেনে খাদ্য গ্ৰহনে দাঁতৰ আলুৰ সমস্যা হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।



    দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese



    ‣ নিমখ পানীৰে কুলকুলি কৰক


    দিনটোত দুবাৰ নিমখ পানীৰে মুখ কুলকুলি কৰিলে উপকাৰ পোৱা যায়, পানীয়ে  দাঁতৰ ফাঁকত থকা আহাৰৰ টুকৰা আঁতৰোৱাৰ লগতে মুখৰ বেক্টেৰিয়া আঁতৰ কৰে৷ 



    ধপাতজাতীয় পণ্য গ্ৰহন নকৰিব


    আপুনি যদি ধূমপান কৰে বা অন্যান্য ধপাতজাত পণ্য ব্যৱহাৰ কৰে তেন্তে এইসমূহ পৰিত্যাগ কৰা উচিত৷ অত্যন্ত গৰম বা ঠান্ডা আহাৰ বা পানীয় গ্ৰহন কৰাৰ ক্ষেত্ৰত সতৰ্ক থাকক।  দাঁতৰ আলুৰ সমস্যা থাকিলে আপুনি যদি মন কৰে বুজিব পাৰিব যে, কুহুমীয়া গৰম আৰু শীতল পদাৰ্থ গ্ৰহণে আপুনি বেছি স্বাচ্ছন্দ্য বোধ কৰিছে।


    মানসিক চিন্তা পৰিহাৰ কৰক


    মানসিক চিন্তাই স্ট্ৰেচ হৰমনৰ(Stress hormone) মাত্ৰা বঢ়ায় যি আপোনাৰ দাঁতৰ আলুসহ শৰীৰৰ অন্যান্য অংশ প্ৰদাহ বৃদ্ধি কৰিব পাৰে৷


    কেতিয়া ডাক্তৰৰপৰা পৰামৰ্শ লোৱা উচিত?  


    আপোনাৰ নিম্নলিখিত সমস্যাসমূহ থাকিলে আপুনি ডাক্তৰক দেখোৱা উচিত -


    যদি দাঁতৰ আলুূসমূহৰপৰা দীৰ্ঘ আৰু মাৰাত্মকভাব ৰক্তক্ষৰণ হয়। 


    যদি চিকিৎসাৰ পিছতো ৰক্তপাত বা তেজ উলোৱা অব্যাহত থাকে।


    যদি দাঁতৰ আলুৰ ৰক্তপাত বা তেজ উলোৱা সময়ত আপুনি এনে কিছু লক্ষণ অনুভৱ কৰে বা এনে ভাব অনুভব কৰে যে আপুনি প্ৰকাশ কৰিব নোৱাৰে, তেন্তে এজন ডাক্তৰৰ পৰা পৰামৰ্শ লোৱা উচিত।


    আশাঁ কৰো উপৰোক্ত “দাঁতৰ আলুৰ স্বাস্থ্য” সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে পঢ়ি ভাল পালে উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

    ধন্যবাদ 🙏 


    *( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


    Follow “fitassam”- 

    Instagram-https://www.instagram.com/fitassam/?r=nametag

    Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

    email- fitassam@gmail.com



    www.fitassam.xyz

  • আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

  • ✍🏻মুনমী ভট্টাচাৰ্য, Reiki Therapist, 

    Watchapp- +91 84867 31180

    Facebook - https://m.facebook.com/munmi.bhattacharya?tsid=0.822997864071852&source=result

    আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিবলৈ অহৰ্নিশে যত্ন কৰোঁ ৷ কিন্তু কিছুমান নেতিবাচক ভাৱনাই আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় ৰুগীয়া কৰি তোলে ৷ তেনে এক কাৰক হৈছে - খং (anger) ৷    

    আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


           খং ; জীৱনৰ অতিশয় মাৰাত্মক ব্যাধি ৷ ক্ৰোধে শৰীৰৰ অন্তঃক্ষৰা গ্ৰন্থিত বিক্ৰিয়া কৰি হ'ৰমনসমূহ সঠিকভাৱে নিৰ্দিষ্ট মাত্ৰাত নিঃসৰণ হোৱাত বাধা দিয়ে ৷ ফলত শৰীৰত বিভিন্ন ৰোগৰ জন্ম হয় ৷ লগতে জ্ঞান আৰু প্ৰাপ্তিৰ পথত হেঙাৰ হৈ পৰে ৷ আৰম্ভণিতেই খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পিচলৈ বহু অসুবিধাৰ সৃষ্টি কৰে ৷ সন্দেহ, ইগ', ঈৰ্ষা, ঘৃণা আদি কাৰকৰ বাবেই মূলতঃ খঙৰ উৎপত্তি হয় ৷ 


    আলজেইমাৰ, টিউমাৰ, কোষ্ঠকাঠিন্য, হতাশা, বইল, জ্বলন, এচিডিটি, লিউকোৰিয়া, ছালৰ সমস্যা, ইনফেকচন, বদহজম, পেটৰ অসুখ, বুকু জ্বলা পোৰা কৰা ইত্যাদি বহু অসুখৰ ঘাই শিপা হৈছে খং ৷


             সাধাৰণতে খং উঠিলে মস্তিস্কত প্ৰচণ্ড চাপ পৰে আৰু একো চিন্তা কৰিব নোৱাৰা হয় ৷ তেতিয়াই ৰুদ্ৰমূৰ্তিৰে আমি সন্মুখত থকাবোৰক কাৰ্য নাইবা বাণীৰে থকাসৰকা কৰোঁ ৷ কিন্তু যিমান আঘাত আমি বেলেগক কৰি খঙৰ প্ৰকাশ কৰিব বিচাৰোঁ, দৰাচলতে সেই আঘাত আমি নিজকহে কৰোঁ আৰু নিজৰেই আত্মিক উত্তৰণৰ পথত বাধা হৈ পৰোঁ ৷ ইয়াৰউপৰি খঙৰ প্ৰভাৱ নিম্নোক্ত বিষয়সমূহতো পৰে-


    আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


    ➡ খঙে সম্বন্ধবোৰ বেয়া কৰে ৷

    ➡ নিজৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, অৰ্থনৈতিক ক্ষতি কৰাৰ লগতে সন্তান আৰু সমাজৰো অপকাৰ কৰে ৷

    ➡ কেউদিশৰ বাতাৱৰণ প্ৰদূষিত কৰি তুলি সুখ, শান্তি ব্যাহত কৰে ৷

    ➡ যোগাযোগ, বাৰ্তালাপৰ সংযোগ ৰুদ্ধ কৰে ৷

    ➡ এচাম শোষক আৰু শোষণকাৰীৰ জন্ম দিয়ে ৷

           আচলতে আমিনো খং কিহৰ বাবে কৰোঁ, কাক কৰোঁ ? হিংসা, ঘৃণা কৰি আমি পামনো কি? পৰমাত্মা এজনেই, তেওঁৰ পৰা সৃষ্টি সকলো, তেওঁলৈকে উভটি যাব সকলো৷

             

    খং উঠিলে দমনৰ বাবে কেইটামান উপায় তলত দিয়া হ'ল -


    আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

    (১) প্ৰচুৰ পানী সেৱন কৰক ৷ শৰীৰত পানীৰ পৰিমাণ সঠিক মাত্ৰাত থাকিলে মনটো স্থিৰ হৈ থাকে, যি আমাক সৃষ্টিশীল কৰি ৰাখে ৷ সৃজনীশীলতাৰে অনবৰতে ব্যস্ত হৈ থকাজনে ক্ৰোধান্বিত হোৱাৰ অৱকাশেই নাপায় ৷


    (২) দৈনিক ধ্যান, প্ৰাণায়াম আদি কৰক ৷ প্ৰকৃতিৰ সংস্পৰ্শত খালী ভৰিৰে মাটিত কমেও দহ মিনিট খোজ কাঢ়ক ৷ ই মন - প্ৰাণ প্ৰাচুৰ্যৰে আৱৰি ৰখাত সহায় কৰে ৷


    (৩) খং উঠাৰ লগে লগেই মই কাক খং কৰিছোঁ আৰু কিয় কৰিছোঁ, এই কথাটোত মই খং কৰা উচিত নে ; এই ভাব মনলৈ আনি তত্তমুহূৰ্তে খং প্ৰশমিত কৰিবলৈ চেষ্টা কৰক ৷


    আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


    (৪) নিতৌ বিশাল আকাশখনলৈ কিছু সময় চাই উপলব্ধিৰ চেষ্টা কৰক ৷ অনুভৱ কৰক সেই অসীম বিশালতাৰ উৎস, নিজকে বিলীন কৰি দিয়ক সেই মুক্ত বতাহজাকত৷ আশাবোৰৰ দুপাখি মেলি আকাশৰ বক্ষত আপোনাৰ কল্পনাবোৰৰ বাস্তৱ প্ৰতিফলন ঘটা লক্ষ্য কৰকচোন ৷ আপোনাৰ মন মানৱীয় প্ৰেমৰ কিৰণৰে উপচি পৰিব ৷


    (৫) সাত্ত্বিক খাদ্যগ্ৰহণৰ প্ৰয়াস কৰক ৷ যি আভামণ্ডল শক্তিশালী কৰি তোলাত সহায় কৰে৷


    (৬) সমালোচনা, অহৈতুক চিন্তা, অনাৱশ্যক বাৰ্তালাপ, ব্যংগাত্মক কটুক্তি আদিবোৰ এৰাই চলি জ্ঞানৰ সাধনাত নিমজ্জিত হৈ পৰিলে অস্থিৰতাক নিয়ন্ত্ৰিত কৰিব পাৰি ৷


    (৭) ভগৱত্ প্ৰেমৰে নিজক পৰিৱেষ্টিত কৰি ৰাখি যিমান পাৰি সজ কৰ্ম কৰি যাব লাগে, তেতিয়া পৰমব্ৰহ্মৰ সৈতে সংযোজিত হৈ আৰোগ্য হৈ থাকিব পৰা যায় ৷


            খং নামৰ নঞৰ্থক আৱেগৰ পৰা মুক্ত হৈ নিজক সম্পূৰ্ণ সুস্থ ৰাখি প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে ৰেইকি থেৰাপিৰ প্ৰৱৰ্তক ড° মিকাও উচুইদেৱে এটা নীতিৰ প্ৰচলন কৰিছিল ৷ সেই নীতিটো হ'ল, "কেৱল মাত্ৰ আজিৰ বাবে মই খং নকৰোঁ" ৷ আহকচোন আমিও প্ৰত্যেকদিনা প্ৰভাতী কিৰণৰ লগে লগে এই নীতি তিনিবাৰকৈ আওৰাই দিনটোত খং নকৰাৰ প্ৰতিশ্ৰুতিৰে শুভ আৰম্ভণি কৰাৰ প্ৰচেষ্টা কৰোঁ ৷


    খঙৰ পৰা পৰিত্ৰাণৰ বাবে কাউন্সেলিং, ৰেইকি থেৰাপি আদিৰ সহায় ল'ব পাৰে ৷


    আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese


    যি আত্মবিশ্বাসী কৰি তোলাৰ লগতে সুপ্ত প্ৰতিভা বিকাশতো সহায় কৰে ৷ ৰেইকি চিকিৎসা নতুবা

    থেৰাপিৰ বাবে মোক ৱাটচআপ কৰিব পাৰে-84867 31180 (আপুনালোকে ইচ্ছা কৰিলে প্ৰশিক্ষণো লব পাৰিব)


    আশাঁ কৰো উপৰোক্ত খং বা anger সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

    ধন্যবাদ 🙏 


    *( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


    Follow “fitassam”- 

    Instagram-https://www.instagram.com/fitassam/?r=nametag

    Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

    email- fitassam@gmail.com



    www.fitassam.xyz

  • বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese
  • ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda

    WhatsApp- 9864550440 

    FB-https://www.facebook.com/brinchi.boruah.3

    Email- brinchi.in@gmail.com

    যোগাযোগ- ড্ৰাগ হাওচ, ASTC Bus stand ৰ সমীপত, ধেমাজি 


    আয়ুৰ্বেদ এটি প্ৰাচীন চিকিৎসা ব্যৱস্থা আৰু প্ৰায় 5000 বা তাতোতকৈও বেছি বছৰ আগৰপৰাই ভাৰতত ব্যৱহৃত হৈ আহিছে।  ত্ৰিদোষৰ মূলনীতি আয়ুৰ্বেদত অত্যন্ত গুৰুত্বপূৰ্ণ। ত্ৰিদোষ তিনিটা মৌলিক শক্তিক সংজ্ঞায়িত কৰে যি ভৌতিক আৰু ভাবনাত্মক স্তৰত আমাৰ দেহৰ কাৰ্যকাৰিতা পৰিচালনা কৰে৷ এই তিনিটা দোষ বাত, পিত্ত (Pitta dosha) আৰু কফ (Kapha dosha) দোষৰ দ্বাৰা পৰিচিত।  এইবিষয়ে আগৰ লিখনি এটাত উল্লেখ কৰা হৈছে- আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ


    বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

    আয়ুৰ্বেদত উল্লেখিত সিদ্ধান্ত "
    বিকাৰৌ ধাতুবৈষম্য ধাতুসাম্যআৰোগ্যতা "  অৰ্থাৎ ধাতুবৈষম্য ৰ ফলত বিভিন্ন বিকাৰ ৰোগ উৎপন্ন হয় আৰু ধাতু সাম্যতাই আৰোগ্য আনে । ইয়াত ধাতুৰ দ্বাৰা বাত পিত্ত কফ বুজোৱা হৈছে। 


    বাত, পিত্ত (Pitta dosha) আৰু কফ (Kapha dosha) দোষৰ যি কোনো ধৰনৰ ভাৰসাম্যহীনতাই ৰোগৰ কাৰণ হয়।


    বাত (Vata dosha)দোষ এই দুটি উপাদান "বায়ু" আৰু "আকাশ" তত্ত্বৰে গঠিত। বাত (Vata dosha)বা বায়ু স্নায়ু শক্তিৰ লগত সম্পৰ্কিত। ই মন আৰু দেহৰ সমস্ত গতিৰ বাবে দায়ী।  বায়ুয়ে পিত্ত (Pitta dosha) আৰু কফ (Kapha dosha)ৰ ভাৰসাম্যও নিয়ন্ত্ৰণ কৰে। বাতে কাৰ্যসমূহ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে, দেহৰ গতিশীলতা আৰু ইন্দ্ৰিয় আৰু সংবেদনাসমূহ সঞ্চাৰিত কৰে৷ শ্বসনকাৰ্যক নিয়ন্ত্ৰণ কৰা, মনস্তাত্ত্বিক প্ৰক্ৰিয়াসমূহ, কথাকোৱা আৰু অন্ত্ৰৰ(intestine) গতি ইত্যাদি বায়ুয়ে নিয়ন্ত্ৰণ কৰে।


    স্বাস্থ্য বৰ্তায় ৰখাৰ প্ৰধান প্ৰেৰক হৈছে বাত।  বাত (Vata dosha)দোষ ভাৰসাম্যহীনতাই বিভিন্ন ৰোগৰ বাবে দায়ী। বায়ু কোষসমূহ বিভিন্ন চিস্টেমত থাকে,যেনে ৰক্তনলীসমূহ, লিম্ফ্যাটিক চিস্টেম (lymphatic system) আৰু শিৰাসমূহ। যদি বাত (Vata dosha)দোষৰ ভাৰসাম্যতা থাকে তেন্তে শৰীৰৰ  পাঁচটি ইন্দ্ৰিয় আৰু অঙ্গ স্থিতিশীল হৈ থাকে, অন্যথায় ই অনেক জটিলতা সৃষ্টি কৰে।  


    আয়ুৰ্বেদৰ মতে কেৱল মাত্ৰ বাত (Vata dosha)দোষৰ প্ৰাদুৰ্ভাৱজনিত ৰোগৰ সংখ্যা ৮০,আয়ুৰ্বেদৰ মতে ৰোগ সমূহৰ দোষ সম্পৰ্ক ৰ ওপৰত ভিত্তি কৰি দুই ভাগত বিভক্ত কৰিব পাৰি। সামান্যজ - যত এবিধতকৈ অধিক দোষ জড়িত হৈ থাকে আৰু আনবিধ হৈছে নানাত্মজ - যত কেবল এবিধ দোষৰ বাবেহে ৰোগ সৃষ্টি হয় । এই বাত নানাত্মজ ৰোগৰ সংখ্যা ৮০ ৷


    বাত (Vata dosha) দোষৰ অসন্তুোলনৰ কাৰনঃ


    বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

    ‣ মলমূত্ৰ বা হাঁচি আদি ৰখাই থোৱা

    ‣ খোৱা আহাৰ হজম হোৱাৰ আগেয়ে অন্য আহাৰ গ্ৰহন কৰা বা অত্যাধিক খোৱা

    ‣ নিজৰ ক্ষমতাতকৈ অধিক কষ্ট কৰা

    ‣ যাত্ৰাত গাড়ীত অধিক জোকাৰনি খালে

    অত্যাধিক ড্ৰাই ফ্ৰুইট খালে

    ‣ পাতল, শুকান আহাৰ গ্ৰহণৰ কাৰণে বাত (Vata dosha)দোষ দূষিত হৈ যায়।

    ‣ দীৰ্ঘ সময় ধৰি অতিৰিক্ত পাতল পদাৰ্থ খালে

    ‣ অতিৰিক্ত কল্ড ড্ৰিংকচ পান কৰিলে

    ‣ অতিৰিক্ত কাম কৰিলে

    ‣ স্ট্ৰেচ, উদ্বেগ, শোক, ভয়, অতিৰিক্ত চেক্স, 

    ‣ গভীৰ ৰাতি শুৱা আৰু 

    ‣ দীৰ্ঘসময় ধৰি স্নান কৰিলে…

    বাত (Vata dosha)ভাৰসাম্যহীন হৈ পৰে।  


    বাৰ্ধক্যৰ সময়ত বাত (Vata dosha) আৰু জটিল হয়। বায়ু ত্ৰুটিৰ কাৰণে গ্যাচ, বাত, জয়ন্ট বিষ, পিঠি বিষ, পেশী বিষ আৰু মাথাবিষ ইত্যাদি হয়। বদহজম আৰু কোষ্ঠকাঠিন্যও হয়।


    দেহৰ অৱস্থান আৰু কাৰ্যকাৰিতা অনুসাৰে বাত (Vata dosha) প্ৰকাৰসমূহ 5 প্ৰকাৰ হিচাবে বিবেচিত হৈছে- Vata dosha types in Assamese  


    প্ৰাণ বাত (Vata dosha)-Prana Vata

    উদান বাত- Udana Vata

    সমান বাত- Samana Vata

    ব্যান বাত- Vyana Vata

    অপান বাত- Apana Vata


    বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese


    বাত (Vata dosha)প্ৰকৃতিৰ লোকৰ শৰীৰ পাতল, হাড় পাতল আৰু ত্বক আৰু চুলি শুকান হয়। তেওঁলোকে প্ৰায়ে দ্ৰুতভাৱে খোজকাঢ়িব পাৰে আৰু দ্ৰুতভাবে কথাও কয়। ভাৰসাম্য নাথাকিলে, তেওঁলোকক ওজন হ্ৰাস পাব পাৰে, কোষ্ঠকাঠিন্য হব পাৰে আৰু তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা আৰু স্নায়ুতন্ত্ৰৰ দুৰ্বলতা থাকিব পাৰে।


    বাত (Vata dosha)প্ৰকৃতিৰ লোক উৎসাহী, সৃজনশীল, নমনীয় আৰু শক্তিশালী হয়৷ বাত (Vata dosha)সন্তুোলনৰ বাহিৰ হলে, তেওঁলোক সহজেই বিভ্ৰান্ত হৈ উঠিব পাৰে, মনোনিবেশ কৰাত আৰু সিদ্ধান্ত লোৱাত অসুবিধা হয় আৰু টোপনি  সমস্যা হয়। 

     

    এয়া আৰু স্পষ্ট হৈ পৰে যেতিয়া তেওঁলোক চাপত থাকে৷ বাত (Vata dosha)সন্তুোলন বায়ুত শুষ্কতা, শীতলতা, লঘু, সূক্ষ্ম, চঞ্চলতা, আদ্ৰৰ্তাহীন আৰু ৰুক্ষতা আদি বৈশিষ্ট্য আছে। বাত (Vata dosha) ভাৰসাম্য আনিবৰ বাবে,  আয়ুৰ্বেদে শৰীৰত তাপ, পুষ্টি, আৰ্দ্ৰতা আৰু স্থিতিশীলতাৰ গুণাবলীক জোৰ দিয়ে।  ডায়েটত, ৰন্ধা খাদ্য যেনে চাউল, শাকপাচলি, মছলা, গৰম গাখীৰ খোৱা উচিত।  আদা জাতীয় জ্বলা উদ্ভিদে আভ্যন্তৰীণ তাপ বঢ়ায় আৰু অৰ্শ্বগন্ধাৰ দৰে পুষ্টিকৰ বনৌষধিয়ে বাতৰ ভাৰসাম্য বৰ্তাই ৰাখে।  আয়ুৰ্বেদিক কাৰ্যপ্ৰণালীত কেৱলমাত্ৰ গুল্ম আৰু ডায়টেই নহয়, ৰঙ আৰু সুগন্ধ থেৰাপি, ডিটক্সিফিকেছন, যোগ আৰু ধ্যান অন্তৰ্ভুক্ত আছে।


    ডায়েটৰ জৰিয়তে বাত (Vata dosha) দোষৰ ভাৰসাম্য সন্তুোলিত কৰা বাবে ইয়াৰ বিপৰীত গুণাবলীৰ আহাৰ খোৱা উচিত, যেনে গৰম, মিঠা, পুষ্টিকৰ আহাৰ।  শান্ত পৰিবেশত নিয়মিত আহাৰ গ্ৰহণ কৰা উচিত। 


    বাত (Vata dosha) ব্যাধিজনিত ৰোগ -What are the symptoms of Vata Dosha?- in Assamese


    বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

    ➡ আক্ষেপক Convulsion 

    ➡ হনুস্তম্ভ : মুখ খোলা জপোৱাত অসুবিধা হোৱা এবিধ ৰোগ Lock jaw

    ➡ উৰুস্তম্ভ : উৰুৰ মাংসপেশী ৰ জোৰ কম হোৱা ৰোগ  Muscle fatigue , myopathy

    ➡ শিৰাগ্ৰহ : মূৰৰ বিষ হোৱা ৰোগ Trigeminal neuralgia

    ➡ কটিগ্ৰহ : ককালৰ তলৰ অংশত বিষ হোৱা ৰোগ

    ➡ খল্লী : কৰঙনৰ চুকৰ পৰা ভৰিলৈ হোৱা বিপ ৰোগ

    ➡ জিহ্বাস্তম্ভ : জিভা ভালদৰে লৰচৰ কৰিব নোৱাৰে Hlosssl palsy

    ➡ অৰ্দিত : Facial palsy মুখৰ মাংখপেশী পেৰালাইচিচ হৈ মুখখনৰ আকাৰ বেকা হৈ যোৱা

    ➡ পক্ষাঘাত Paralysis hemiplegia

    ➡ মন্যাস্তম্ভ Neck rigidity ডিঙিৰ পাছৰ অংশ বিষ হোৱা 

    ➡ গৃধসী : ককালৰ তলৰ তপিনা অংশৰ পৰা ভৰিৰ তললৈ হোৱা বিষ

    ➡ পাদহৰ্ষ : ভৰি জিনজিনোৱা ৰোগ

    ➡ বিশ্বসী : বাউসীৰ পিছফালৰ ওপৰৰ পৰা তললৈ বিষ

    ➡ অববাহুকা : বাউসী লৰচৰ কৰিব নোৱাৰা অত্যন্ত বিষ হোৱা ৰোগ 

    ➡ অনিদ্ৰা  ইত্যাদি


    চিকিৎসা ৰ বাবে তলৰ অংশ চাওক… 


    বাতৰ ভাৰসাম্য বৰ্তাই ৰাখিবৰ বাবে আপোনাৰ প্ৰতিদিনৰ ডায়েটত তৰল আৰু তৈলাক্ত আহাৰ অন্তৰ্ভুক্ত কৰক৷ ই শৰীৰৰ শুষ্কতা নাইকিয়া কৰিব।  বায়ুৰ পাতল বৈশিষ্ট্যৰ ভাৰসাম্য বৰ্তাই ৰখাত কিছু "গধুৰ" আহাৰ খাওঁক যি পুষ্টি সৰবৰাহ কৰে।  


    কমকৈ খাব: কম ঠান্ডা, পাতল, শুকান আহাৰ


    কেনেধৰণৰ স্বাদ খাব: মিঠা, টেঙা আৰু নিমখীয়া আহাৰ 


    কেনেধৰণৰ স্বাদ কমকৈ খাব: জ্বলা, কেঁহা আৰু তিতা


    বাত (Vata dosha) সন্তুোলিত ৰখাৰ বাবে কি খাব কি নাখাব-


    তিল, আদা, নহৰু আৰু গুৰ দি তৈয়াৰ কৰা আহাৰ খাওঁক।


    তিয়হ, গাজৰ,বীট, পালেং, মিঠা আলু, শতাবৰী, আৰু গ্ৰীষ্মৰ ৰঙালাও খাওঁক।   শাকপাচলি নিয়মিত খাওঁক৷


    মগু দাইল, ৰাজমা,চয়া গাখীৰ সেৱন কৰক৷


    বাত (Vata dosha) সন্তুোলিত ৰখাত তিনিটা আয়ুৰ্বেদিক স্বাদ  হৈছে মিঠা, টেঙা আৰু নিমখীয়া৷ গতিকে দৈনিক আহাৰত এই স্বাদসমুহক অন্তৰ্ভুক্ত কৰক।


    আপোনাৰ যদি বাতৰ ভাৰসাম্য বৰ্তাই ৰাখিব বিচাৰে তেন্তে ফ্যাট গ্ৰহণ কৰা উচিত। আহাৰত সামান্য ঘি (মাখন), তেল ইত্যাদি দি খাওক। 


    গৰম, সতেজ ৰন্ধা আহাৰ গ্ৰহন কৰক। 


    গৰম গাখীৰ,সতেজ পনীৰ, টেঙা ফল, শুকান ফল বা সূৰ্যমুখী বা ৰঙালাউৰ বীজ খাওঁক৷  


    তিতা, মশলাযুক্ত আৰু কেঁহা স্বাদযুক্ত আহাৰ কমাই খাওঁক।  


    ৰাতি দহটা বাদাম তিয়াই ৰাখক আৰু ৰাতিপুৱা বাকলি গুচাই খাওঁক৷ 


    বাচমতি চাউল বাতৰ ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে উৎকৃষ্ট আদৰ্শ। গেহুও ভাল। 


    বাৰ্লি, ব্ৰাউন ৰাইচ নাখাব৷


    বেছিভাগ মশলা হজমশক্তি বঢ়ায় গতিকে আহাৰত এইসমূহ প্ৰয়োগ কৰিলে হজমক সহায়তা কৰে৷  হালধী, জিৰা, ধনিয়া, আদা,জালুক ইত্যাদি ব্যৱহাৰ কৰক৷


    গোটেই দিন প্ৰচুৰ গৰম পানী বা ভেষজ চাহ পান কৰক৷


    বন্ধাকবি, ফুলকবি, ব্ৰকলি, কেঁচা কল ইত্যাদি কমাই খাব৷


    যিবিলাক আহাৰৰপৰা গেচ হয় সেইসমূহ নাখাব৷


    কেঁচা আহাৰ খোৱাৰ পৰা বিৰত থাকক নতুবা হ্ৰাস কৰক৷


    ঠাণ্ডা দিনত বা ঠাণ্ডা ঠাইত কল্ড কফি, ব্লেক টি, গ্ৰীন টি,ফলৰ ৰস আদি নাখাব৷


    নাচপতি, কেঁচা কল আদি নাখাব৷


    বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

    এক নিশ্চিত দিনচৰ্যা পালন কৰক৷ প্ৰতিদিনে কিছুসময় ৰ’দত বহক৷ কোনো শান্ত স্হানত বহি ধ্যান কৰক৷ গৰম পানী নতুবা বাত (Vata dosha)শান্ত কৰা ঔষধীযুক্ত পানীৰে গা ধুওক৷ কুহুমীয়া তেলেৰ নিয়মিত শৰীৰ মালিচ কৰক৷ তাৰ বাব আপুনি তিল তেল, বাদাম তেল, জলফাই তেলৰ ব্যৱহাৰ কৰিব পাৰে৷ শক্তি প্ৰদান কৰা যোগ ব্যায়ামক দিনচৰ্যাত অন্তৰ্ভুক্ত কৰক৷


    বাতব্যাধিৰ চিকিৎসা : হাজাৰ বৰ্ষ আগতেই উল্লেখ কৰা এই বাত ব্যাধি সমূহ যিসমূহত ৰোগী প্ৰায়েই কষ্ট পোৱা দেখা যায় । হাজাৰ বৰ্ষ আগতেই বৰ্ণিত আয়ুৰ্বেদিক চিকিৎসা ৰ দ্বাৰা সহজেই আৰোগ্য / লাভাম্বিত হব পাৰি । আয়ুৰ্বেদিক চিকিৎসা ৰ ব্যবহৃত এই ঔষধ সমূহ বহু শ শ বছৰৰ পৰা ব্যৱহৃত বিশেষ পাৰ্শ্চক্ৰিয়া ৰহিত।


    বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

    সামান্য চিকিৎসা
     


    ★ স্নেহন - বাহ্যিক আৰু আভ্যন্তৰীণ স্নেহন

    ★ স্বেদন 

    ★ সংশোধন চিকিৎসা

    ★ ৰসায়ন সেৱন

    ★ বাতনাশক ঔষধ : 

    - অশ্বগন্ধা

    - বলা

    - দশমূল

    - সুন্থী

    - ৰাস্না 

    - গুগুলু

    - এৰণ্ড

    - প্ৰসাৰিনি

    - তৈল , বসা , মজ্জা , ঘৃত, ইত্যাদি

    * তেল - বলাতেল , সহচৰ তেল ,নিৰ্গুণ্ডী তেল, প্ৰসাৰিনি তেল ,মহামাষ তেল , নাৰায়ন তেল ,বিষগৰ্ভা তেল ইত্যাদি

    ঔষধি ঘৃত : 

    কষায় :

    গুগুলু যোগ :ৰস ঔষধি 

    যি সমূহ ৰোগী পৰীক্ষা কৰি ৰোগীৰ বল , ৰোগ ইত্যাদি নিৰ্ভৰ কৰি প্ৰয়োগ কৰিলে নিশ্চয় কৈ সুফল পাব পাৰি । 


    (পষ্টটোত উল্লেখ কৰা ঔষধ অন্য পৰামৰ্শ চিকিৎসকৰ পোনপটীয়া পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব


    পিচলৈ এই বাত ব্যাধি সমূহৰ একো একো বিধৰ বিষয়ে আৰু কাৰন , লক্ষণ , চিকিৎসা, ঔষধ বিতংকৈ লিখা হব। পৰবৰ্তী পষ্ট সমূহ পাবৰ বাবে পেজটো লাইক কৰিব আৰু পষ্টটো চেয়াৰ কৰিব৷


    আশাঁ কৰো উপৰোক্ত বাত দোষ সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

    ধন্যবাদ 🙏 


    *( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


    Follow “fitassam”- 

    Instagram-https://www.instagram.com/fitassam/?r=nametag

    Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

    email- fitassam@gmail.com





    www.fitassam.xyz

  • লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese
  • লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    এজন ব্যক্তিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  আমাৰ ৰক্তৰ প্লাজমাত শ্বেত ৰক্তকণিকা, লোহিত ৰক্তকণিকা(red blood cells) আৰু প্লেটলেট থাকে।  ৰক্তয়ে শৰীৰৰ টিস্যু আৰু হাওঁফাওঁলৈ অক্সিজেন আৰু পুষ্টি বহন কৰ। ইয়াৰ লগতে আঘাতপ্ৰাপ্ত হলে ৰক্তপাত ৰখাবলৈ, সংক্ৰমণৰ লগত যুঁজ দিবৰ বাবে এন্টিবডি তৈয়াৰ কৰা আৰু দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কাম কৰে।  ৰক্তত কম বা বেছি লোহিত ৰক্তকণিকা(red blood cells) উপস্থিত থাকিলে এজন ব্যক্তিৰ বহু সমস্যা হোৱা আৰম্ভ কৰে।  সাধাৰণতে মানুহে লোহিত ৰক্ত ​​কণিকাৰ ক্ষয়জনিত সমস্যাৰ সন্মুখীন হয় কিন্ত্ত কিছু উপায়ৰ সাহায্যত এই সমস্যাৰ পৰা বাচিব পৰা যায়।  


    এই নিবন্ধটিত আপুনি জানিব যে লোহিত ৰক্তকণিকা(red blood cells) কি আৰু কিভাবে লোহিত ৰক্তকণিকা(red blood cells) বৃদ্ধি কৰিব পৰা যায়। ইয়াৰ লগতে, ৰক্তত লোহিত ৰক্ত ​​কণিকাৰ অভাৱজনিত লক্ষণ, লোহিত ৰক্ত ​​কণিকা অধিক হলে লক্ষণ, লোহিত ৰক্তকণিকা(red blood cells) গণনা আৰু লোহিত ৰক্তকণিকা(red blood cells) কিদৰে বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে  বিশদভাবে ব্যাখ্যা কৰাৰ চেষ্টা কৰা হৈছে।


    Highlights


    • লোহিত ৰক্তকণিকা (red blood cells) কি? What is red blood cell?-in assamese 
    • লোহিত ৰক্তকণিকা (red blood cells)ৰ গণনা - Low red blood cell count What does it mean- in assamese

    • লোহিত ৰক্তকণিকা(red blood cells) হ্ৰাস হোৱা কাৰন- why red blood cells low? - In assamese

    • কিদৰে লোহিত ৰক্ত কনিকা বৃদ্ধি কৰিব পাৰি- how to increase rbc count?- in Assamese

    • জীৱনশৈলী- Lifestyle


    লোহিত ৰক্তকণিকা (red blood cells) কি? What is red blood cell?-in assamese 


    ৰক্তত উপস্থিত বিশেষ ধৰণৰ কোষসমূহক লোহিত ৰক্তকণিকা(red blood cells) বোলা হয়।  আপোনাৰ হাড়ৰ অভ্যন্তৰৰ অস্থি মজ্জা লোহিত ৰক্তকণিকা(red blood cells)ৰে গঠিত হয়।  এই কোষসমূহ গোলাকাৰ, কিন্ত্ত ইয়াৰ মধ্য অংশত সামান্য সোমাই থকা দৰে হয়।  ৰক্তত লোহিত ৰক্ত ​​কোষৰ সংখ্যা ব্যক্তিৰ বয়স অনুযায়ী কম বা বেছি হব পাৰে।  ব্যক্তিৰ বয়সৰ উপৰত নিৰ্ভৰ কৰি এই কোষসমূহৰ সংখ্যা স্বাভাৱিক সংখ্যাতকৈ কম নতুবা বেছি হয়, এই উভয় স্হিতিয়ে সমস্যা উৎপন্ন কৰিব পাৰে।  অক্সিজেন বহন আৰু কাৰ্বন ডাই অক্সাইড বাহিৰে লোহিত ৰক্ত ​​কোষসমূহে আৰু অনেক গুৰুত্বপূৰ্ণ কাম কৰে।  এই কোষসমূহ প্ৰায় 120 দিন বাচি থাকে, ইয়াৰ পিছত এই কোষসমূহ নষ্ট হৈ যায়।


    লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    লোহিত ৰক্তকণিকা (red blood cells)ৰ গণনা - Low red blood cell count What does it mean- in assamese



    লোহিত ৰক্ত ​​কণিকাৰ গণনা পুৰুষ ও মহিলাৰ মাজত বেলেগ বেলেগ।  পুৰুষৰ ৰক্ত সাধাৰণতে মাইক্ৰোলিটাৰ 47 পৰা 61 মিলিয়ন লোহিত ৰক্তকণিকা(red blood cells) থাকে।  আনহাতেদি এগৰাকী সাধাৰণ মহিলাৰ এই কোষৰ সংখ্যা প্ৰতি মাইক্ৰোলিটাৰ প্ৰায় 42 পৰা 54 লক্ষ প্ৰতি মাইক্ৰোলিটাৰ থাকে৷ শিশুৰ ক্ষেত্ৰত প্ৰায় 4-5 মিলিয়ন লোহিত ৰক্তকণিকা(red blood cells) থাকে।  এই গণনা প্ৰতিজন ব্যক্তিৰ বাবে  পৃথক পৃথক হব পাৰে।


    লোহিত ৰক্তকণিকা(red blood cells) হ্ৰাস হোৱা কাৰন-why red blood cells low?- In assamese


    ‣ 
    ৰক্তপাত অতিৰিক্ত হোৱা 
    ‣ অপুষ্টি 
    ‣ অস্থি মজ্জা কাৰ্য কৰিব নোৱাৰা
    ‣ গৰ্ভৱস্হা বা প্ৰেগনেণ্সী সময়ত
    ‣ শৰীৰত পানী পৰিমাণ অধিক হলে…


    লোহিত ৰক্ত ​​কণিকাৰ স্বাভাৱিক সংখ্যাৰ অধিক হোৱা এজন ব্যক্তিৰ পক্ষে বিপদজনক আৰু এটি মাৰাত্মক অৱস্থাৰ কাৰণ হব পাৰে৷  ইয়াৰ নিম্নলিখিত কাৰন হব পাৰে- 


    ‣ কাৰ্ডিওভাচকুলাৰ ডিজিজ বা হৃদৰোগ
    ‣ অস্থি মজ্জা ৰোগ  
    ‣ ধূমপান কৰা 
    ‣ শৰীৰত পানীৰ অভাৱ ইত্যাদি ...


    কিদৰে লোহিত ৰক্ত কনিকা বৃদ্ধি কৰিব পাৰি- how to increase rbc count?- in Assamese


    আয়ৰন- Iron


    লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    আয়ৰন এক এনে পুষ্টি যি সাধাৰণতে ৰক্তাল্পতা বা এনিমিয়া লগত যুক্ত থাকে।  আপোনাৰ শৰীৰত হিমগ্লোবিন তৈয়াৰি কৰাত আয়ৰন ব্যবহাৰ হয়।  হিমগ্লোবিনে লোহিত ৰক্তকণিকা(red blood cells)ত অক্সিজেন সঞ্চয় কৰে।  আয়ৰন অবিহনে লোহিত ৰক্তকণিকা(red blood cells) ধ্বংস হয় যাব পাৰে বা শৰীৰৰ বিভিন্ন অঙ্গত অক্সিজেন বহন কৰাত অক্ষম হব পাৰে। 


    বিভিন্ন বয়স আৰু লিঙ্গ অনুযায়ী

    প্ৰয়োজন হোৱা  (recommended daily intake-RDI) আয়ৰনৰ পৰিমাণ-


    কেচুৱা (1-3 বয়স)  —  9 milligrams (mg)


    শিশু  (4-8 বয়স) — 10mg


    লৰা (9-13 বয়স)  — 8mg


    লৰা (14-18 বয়স) — 11mg


    কিশোৰী (9-13 বয়স) — 8mg


    ছোৱলী (14-18 বয়স) — 15mg


    পুৰুষ (adult) — 8mg


    মহিলা (19-50 বয়স)  — 18mg


    মহিলা (51 ওপৰৰ) — 8mg


    গৰ্ভৱতী মহিলা (Pregnant women) — 27mg


    কেচুৱাক গাখীৰ খোৱাই থকা তিৰোতা — 9-10mg


    (উপৰোক্ত আয়ৰন গ্ৰহনৰ সৱিশেষ তালিকা উৎস; source-

    https://www.healthdirect.gov.au/foods-high-in-iron)


    আয়ৰন সমৃদ্ধ ডায়েট খালে আপোনাৰ দেহত লোহিত ৰক্ত ​​কোষৰ উৎপাদন বঢ়ায় তুলিব পাৰে।  আপোনাৰ ডায়েটৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণে আয়ৰন লাভ কৰিবলৈ সেউজীয়া শাকসব্জী যেনে - ৰাজমা,বীন,পালেং, টফু, সূৰ্য্যমূখী বীজ, ৰঙালাওৰ বীজ, কাজুবাদাম, আলমণ্ড বাদাম, অটচ্, ব্ৰাউন ৰাইচ, কিনোৱা(quenua), মূৰ্গীৰ লিভাৰ, মটৰগুটি, বীট, ব্ৰকলি আৰু কনীৰ কুহুম অন্তৰ্ভুক্ত কৰা উচিত।


    ভিটামিন বি 12 -Vitamin B12


    লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    মস্তিষ্কৰ কাৰ্যকলাপ আৰু লোহিত ৰক্তকণিকা(red blood cells) তৈয়াৰ কৰা বাবে ভিটামিন বি 12 গুৰুত্বপূৰ্ণ।  দেহত ভিটামিন বি 12 ৰ অভাৱে লোহিত ৰক্তকণিকা(red blood cells) পূৰ্ণ হোৱাত বাধা দিয়ে।  এই অভাৱত লোহিত ৰক্ত ​​কোষক (red blood cells) অস্বাভাৱিক কৰি তোলে, যাক megaloblasts আৰু megaloblastic anemia বুলি কোৱা হয়।  ভিটামিন বি 12 গ্ৰহণৰ বাবে, আপনাৰ আপনাৰ ডায়েটত
    ৰঙা মাংস, লিভাৰ, চিকেন, মাছ, চলমন মাছ, টুনা মাছ, দুগ্ধজাত পণ্য যেনে গাখীৰ,পনীৰ আৰু দৈ ডিম ইত্যাদি অন্তৰ্ভুক্ত কৰা উচিত৷



    ভিটামিন বি 9- Vitamin B9


    লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    ভিটামিন বি 9
    ফলিক এচিড ((Folic Acid) আৰু ফোলেট (Folate) হিচাবেও পৰিচিত।  ভিটামিন বি 12 আৰু আয়ৰনৰ দৰে এই ভিটামিনো চিধাচিধি লোহিত ৰক্তকণিকা(red blood cells) গঠনৰ লগত  যুক্ত নহয়। কিন্ত্ত ই কোষ বিভাজন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি লোহিতো ৰক্তকণিকাৰ সংখ্যাক প্ৰভাৱিত কৰ।  এজন প্ৰাপ্তবয়স্ক ব্যক্তিক প্ৰতিদিনে 400 থক 600 মাইক্ৰোগ্ৰাম ফলিক এচিড গ্ৰহণ কৰা প্ৰয়োজন। ই মাল্টিভিটামিনতো উপস্থিত আছে।  যদি কোনো ব্যক্তি পৰ্যাপ্ত ফোলেট গ্ৰহণ নকৰে তেন্তে তেওঁৰ লোহিত ৰক্তকণিকা(red blood cells) সম্পূৰ্ণৰৃপে বিকশিত নহয়।  যাৰ কাৰণ ৰক্তাল্পতা বা এনিমিয়া আৰু হিমোগ্লোবিনৰ মাত্ৰা হ্ৰাস হোৱাৰ সম্ভাবনা বৃদ্ধি পায়।  ফোলেটে হিমোগ্লোবিন উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰ।  হিমোগ্লোবিনৰ এটি উপাদান “হিম - heme” তৈয়াৰ কৰাত ফোলেটৰ প্ৰয়োজন হয়, ৰক্তত ​​থকা অক্সিজেন হিমৰ (heme) মাধ্যমেৰে সকলো অঙ্গলৈ পৰিবাহিত যায়।  পৰ্যাপ্ত পৰিমাণে ফলিক এচিড গ্ৰহণৰ বাবে আপুনি আপোনাৰ ডায়েটত ফোলট সমৃদ্ধ উৎস যেনে - চাউল, শাকপাচলি,পালেং, বাদাম, চিনাবাদাম, মটৰগুটি, ব্ৰকলি, এভোকাডো, সূৰ্য্যমুখী বীজ, সাগৰীয় খাদ্য ইত্যাদি অন্তৰ্ভুক্ত কৰিব পাৰে।


    ভিটামিন চি- Vitamin C


    লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    ভিটামিন চি য়ে চিধাচিধি লোহিত ৰ​​ক্ত কোষক প্ৰভাবিত নকৰে,কিন্তু ইয়াৰ ফলত শৰীৰক আয়ৰন শোষণত সহায়তা হয়।  আয়ৰনে দেহৰ লোহিত ৰক্ত ​​কোষক বঢ়ায় তুলাত সহায়তা কৰে।  ডায়েটত পৰ্যাপ্ত ভিটামিন চি গ্ৰহন কৰক যেনে
    কিৱী, স্ট্ৰবৰি, কমলা আৰু টেঙা ফল ভিটামিন চি সমৃদ্ধ উৎসসমূহ অন্তৰ্ভুক্ত কৰা উচিত। 


    কপাৰ বা তাম- Copper



    লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    ৰক্ত প্ৰবাহত উপস্থিতি আয়ৰন ব্যবহাৰৰ বাবে কপাৰ শৰীৰ এটি অপৰিহাৰ্য খনিজ হিচাবে বিবেচিত হয়।  শৰীৰত পৰ্যাপ্ত কপাৰ নাথাকিলে ৰক্তৰ কোষসমূহৰ পক্ষে বাচি থকাৰ বাবে প্ৰয়োজনীয় আয়ৰন শোষণ কৰা কঠিন হয় পৰে। পৰ্যাপ্ত তাম পাবলৈ আপোনাৰ ডায়েটত
    কাজু বাদাম,লিভাৰ, আলু, কাঠফুলা, ডাৰ্ক চকলেট, ৰাজমা, তিল, দৈ, গাখীৰ, আপেল, এভকাড’, সূৰ্যমুখী বীজ আৰু দাইল যুক্ত কৰক। 


    ভিটামিন এ-Vitamin A 


    লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

    ভিটামিন এ কপাৰৰ দৰে লোহিত ৰক্তকণিকা(red blood cells) বৃদ্ধিত কৰাত সহায়তা কৰে।  ভিটামিন এ-ক Retinol বুলিও কোৱা হয়। ই কোষসমূহ সুস্থ ৰখাত আৰু আয়ৰন শোষণত সহায়তা কৰ।  আপুনি ডায়েটত ভিটামিন এ সমৃদ্ধ ডায়েট যেনে
    দুগ্ধজাত পণ্য, গাজৰ, বীট, আলু, ব্ৰকলি, মিঠা আলু, পালেং, ৰঙালাও,আম, বিলাহী, সেউজীয়া শাক,কনী ইত্যাদি অন্তৰ্ভুক্ত কৰি ভিটামিন এ ৰ ​​প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।



    জীৱনশৈলী- Lifestyle



    আপোনাৰ নিৰ্দিষ্ট কিছুমান ভাল অভ্যাস গ্ৰহণ কৰি আৰু বদ্ অভ্যাসমূহ দূৰ কৰিবলৈ যত্ন কৰক৷ লোহিত ৰক্তকণিকা(red blood cells) বৃদ্ধিৰ বাবে নিয়মিত অনুশীলন কৰক ৷ ব্যায়াম বা অনুশীলন প্ৰত্যেকেৰ পক্ষে উপকাৰী আৰু স্বাস্থ্যকৰ লোহিত ৰক্ত কোষ গঠনত ব্যায়ামক খুব গুৰুত্বপূৰ্ণ বুলি মনা হয়। দ্ৰুতভাৱে কৰা ব্যায়াম হৃদস্পন্দন গতিৰ বাবে উৎকৃষ্ট, যাৰ কাৰণে শৰীৰ আৰু মস্তিষ্কলৈ আৰু অক্সিজেনৰ প্ৰয়োজন হয়।  এই কাৰণে, হৃদয় দ্ৰুত ভাবে ধিপধিপনি আৰম্ভ হয় আৰু হাওঁফাওঁ গভীৰভাবে শ্বাস লোৱা আৰম্ভ  কৰে।


    অক্সিজেনেৰ চাহিদা পূৰন কৰিবৰ বাবে দেহত লোহিত ৰক্তকণিকা(red blood cells) তৈয়াৰ কৰিবলৈ উদ্দীপ্ত হয়।  স্বাস্থ্যকৰ ডায়েট সহ নিয়মিত ব্যায়ামে হাড়ৰ মজ্জাত ৰক্তকণিকা গঠনত সহায়তা কৰে।  আপুনি আপোনাৰ অনুশীলনত দৌৰা, জগিং, চাইকেল চলোৱা, সাঁতোৰ আৰু এৰবিকচ অন্তৰ্ভুক্ত কৰিব পাৰে।



    ধূমপান আৰু মদ্যপান নকৰিব : আপুনি যদি আপোনাৰ লোহিত ৰক্ত ​​কণিকা বৃদ্ধি কৰিব বিচাৰিছে তেন্তে আপুনি ধূমপান আৰু মদ্যপানৰ অভ্যাস পৰিত্যাগ কৰা উচিত৷  চিগাৰেট- ধূমপান আপোনাৰ দেহৰ ৰক্ত ​​প্ৰবাহক প্ৰভাবিত কৰে আৰু ই সমস্ত অঙ্গলৈ সঠিকভাবে অক্সিজেনৰ পোৱাত জটিলতা আহি পৰে। ইয়াৰ লগতে অস্থি মজ্জাত অক্সিজেনেৰ অভাৱ হব ধৰে৷ ইয়াৰউপৰি, এলকহল পান কৰিলে ৰক্ত ​​ঘন হোৱা আৰম্ভ হয় আৰু ৰক্তত অক্সিজেনৰ অভাৱ সৃষ্টি কৰে।  অতিৰিক্ত পৰিমাণে মদ্যপান কৰিলে লোহিত ৰক্তকণিকা(red blood cells) হ্ৰাস হয় আৰু পূৰ্ণৰৃপত  বিকাশ নকৰে।  



    ৰক্ত লোৱা : যদি ডায়েট আৰু পৰিপূৰক গ্ৰহণ পিছতো যদি আপোনাৰ লোহিত ৰক্তকণিকা(red blood cells) গণনা কম হয়, তেন্তে চিকিৎসকে ৰক্ত ​লোৱা বিকল্পটিৰ বিষয়ে বিবেচনা কৰিব পাৰে৷



    আশাঁ কৰো উপৰোক্ত লোহিত ৰক্ত কণিকা সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

    ধন্যবাদ 🙏 


    *( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


    Follow “fitassam”- 

    Instagram-https://www.instagram.com/fitassam/?r=nametag

    Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

    email- fitassam@gmail.com





    www.fitassam.xyz

  • লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

  • লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

    মহিলাসকলে প্ৰজনন অঙ্গৰ লগত জড়িত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সম্মুখীন হয়। যেতিয়া লিউকোৰিয়া (leucorrhoea) ৰোগ দেখা দিয়ে তেতিয়া মহিলাৰ যোনীমাৰ্গেৰে বগাস্ৰাৱ (white descharge) বাহিৰ হোৱা আৰম্ভ হয়।  যোনিৰ এটি স্ব-পৰিষ্কাৰকৰণ প্ৰক্ৰিয়া (self-cleansing mechanism) আছে যি পাতল স্ৰাৱৰ মাধ্যমেৰে যি কোনো বাহ্যিক কণা দূৰ কৰে।  এয়া সম্পূৰ্ণভাৱে স্বাভাবিক আৰু উদ্বেগৰ কোনো কাৰন নাই৷  কিন্ত্ত যদি আপুনাৰ যোনিৰপৰা কোনোধৰনৰ আঁঠাজাতীয়, বগা, হালধীয়া, সেউজীয়া বা বাদামী ৰঙৰ পানী বাহিৰ হয় আৰু লগতে  জ্বলন, গোন্ধযুক্ত আৰু খজুৱতি আৰম্ভ কৰে তেন্তে  সম্ভৱত ই এটি উদ্বেগ বা চিন্তাৰ বিষয় হয়।


    লিউকোৰিয়া (leucorrhoea) বা শ্বেতপ্ৰদৰ হোৱাৰ কাৰনঃ What is the cause of Leukorrhea?- in assamese


    • পুষ্টিৰ অভাৱ-Nutrition Causes Leucorrhea in Assamese


    কফ দোষৰ উদ্দীপনাবশত লিউকোৰিয়া ৰোগ হয়৷ বেছি পৰিমানে মাখন, দৈ, পনিৰ আৰু অন্যান্য কেঁচা আহাৰ খোৱা অস্বাস্থ্যকৰ। গধুৰ, তৈলাক্ত আৰু তেলত ভজা আহাৰ গ্ৰহন উচিত নহয়৷ পৰ্যাপ্ত পুষ্টি গ্ৰহণ নকৰাৰ বাবে মহিলাৰ ৰক্তৰ অভাৱজনিত কাৰণে লিউকোৰিয়া বা শ্বেতপ্ৰদৰ হব পাৰে।  


    লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese


    • সংক্ৰমণৰ ফলত লিউকোৰিয়া (leucorrhoea) সৃষ্টি হয় -Infection causes Leukorrhea in Assamese


    এনে বহু ৰোগ আছে যাৰ বাবে লিউকোৰিয়া (leucorrhoea)ৰ সৃষ্টি হব পাৰে।  ৰক্তাল্পতা(anemia) আৰু ডায়বেটিচ আক্ৰান্ত মহিলাসকলে বগা যোনি স্ৰাব বা লিউকোৰিয়া (leucorrhoea) অনুভব কৰে।কিছু যৌন ৰোগৰ বাবেও যোনি স্ৰাব আৰু গোন্ধযুক্ত স্ৰাৱ হব পাৰে।  লিউকোৰিয়া (leucorrhoea) এটি জীবাণু যি ইস্ট সংক্ৰমণৰ কাৰণেও হব পাৰে।  ইউটিআই-UTI (মূত্ৰনলীৰ সংক্ৰমণ) শ্বেতপ্ৰদৰ ৰোগৰ এটি কাৰণ হিচাবেও বিবেচিত হয়।  শ্ৰোণী অঞ্চল (pelvic region) প্ৰদাহৰ লগত জড়িত কিছু ৰোগৰ বাবেও লিউকোৰিয়া (leucorrhoea) হব পাৰে।  


    • ব্যক্তিগত স্বাস্থ্যকৰনৰ অভাৱৰ কাৰনে- Leucorrhea Due to Poor Hygiene in Assamese


    লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

    যোনীৰ স্বচ্ছতাৰ অভাৱৰ কাৰণে লিউকোৰিয়া (leucorrhoea) যোনি সংক্ৰমণৰ কাৰণ হব পাৰে৷  নিয়মিত অন্তৰ্বাসৰ পৰিবৰ্তন নকৰা, ঋতুস্ৰাৱৰ সময় অনুপযুক্ত স্বাস্থ্যবিধি আৰু অতিৰিক্ত ঘাম ইত্যাদি শ্বেতস্ৰাৱৰ কাৰণ হব পাৰে।  গাত লিপিট খাই থকা আৰু চিন্থেটিক উপকৰণ তৈয়াৰী পোচাক পৰিধান কৰিলেও শ্বেতপ্ৰদৰ ৰোগ হব পাৰে।  


    মনত ৰাখিব যে, লিউকোৰিয়া (leucorrhoea)ত আক্ৰান্ত মহিলাৰ পৰা আন এগৰাকী সুস্থ মহিলালৈও এই ৰোগ বিয়পিব পাৰে।  


    মনত ৰাখিব যে, লিউকোৰিয়া (leucorrhoea)ত আক্ৰান্ত মহিলাৰ পৰা আন এগৰাকী সুস্থ মহিলালৈও এই ৰোগ বিয়পিব পাৰে। এনে হোৱাৰ সম্ভাৱনা থাকে যেতিয়া এগৰাকীৰ প্ৰসাধন সামগ্ৰী বা  অন্য মহিলাৰ লগত নিজৰ ব্যক্তিগত পোচাক বিনিময় কৰা হয়। ইয়াৰ উপৰি, অস্বাস্থ্যকৰ বাথৰুম বা (মহিলাৰ)ৰাজহুৱা শৌচালয় আদিৰ পৰাও এনে ৰোগ বিয়পিব পাৰে৷ যোনি অঞ্চলৰ আঘাতৰ কাৰণেও লিউকোৰিয়া (leucorrhoea) হব পাৰে।  এয়াও সম্ভব যে, কিছু গৰ্ভনিৰোধক টেবলেটে যোনিত জ্বলাপুৰা সৃষ্টি কৰিব পাৰে।  ক্ৰিম, চাবোন আদিৰ বাবেও যোনিৰ পিএইচ (pH balance) ৰ ভাৰসাম্য ব্যাহত কৰিব পাৰে।   


    • হৰমনৰ পৰিবৰ্তনসমূহো শ্বেতপ্ৰদৰ হোৱাৰ কাৰণ - Hormonal Changes Causes Leukorrhea in Assamese


    লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

    হৰমনৰ পৰিবৰ্তনৰ কাৰণসমূহ বিশেষকৈ গৰ্ভাৱস্থাত হৰমন পৰিবৰ্তনৰ কাৰণে লিউকোৰিয়া (leucorrhoea)য় যোনি স্ৰাৱ হব পাৰে।  বয়ঃসন্ধিকালত আপুনি লিউকৰিয়া হোৱা অনুভব কৰিব পাৰে।  এয়াও দেখা গৈছে যে, কিছু মহিলাৰ ঋতুচক্ৰ আৰম্ভ হোৱাৰ আগেই শ্বেতপ্ৰদৰ হয়। 


    স্বাভাৱিক শ্বেতপ্ৰদৰ বা লিউকোৰিয়া (leucorrhoea) কি? Physiologic leucorrhoea in assamese


      সাধাৰণতে ইস্ট্ৰোজেন হৰমনৰ উদ্দীপনৰ দ্বাৰা সৃষ্ট নিঃসৰণক স্বাভাৱিক শ্বেতপ্ৰদৰ বা লিউকোৰিয়া (leucorrhoea) বোলা হয়।  


    এয়া কোনো গুৰুতৰ সমস্যা নহয়, তথাপি যিমান সম্ভৱ সোনকালে সমাধান কৰা ভাল।


    কেতিয়াবা কেতিয়াবা শৰীৰৰ এটি প্ৰাকৃতিক সুৰক্ষা প্ৰক্ৰিয়া, যাৰ বাবে যোনি পিএইচ বৰ্তাই ৰখাৰ লগতে যোনি পেশীসমূহ নমনীয় ৰখাৰ বাবে খুব কম স্ৰাৱ হয়।


    গৰ্ভাৱস্থাত অনেক সময়ত এস্ট্ৰোজেনৰ লগতে যোনি ৰক্তসঞ্চালন বৃদ্ধিৰ কাৰণে স্বাভাৱিক লিউকেমিয়া বা শ্বেতপ্ৰদৰ ৰোগ হোৱা দেখা যায়।


    ইয়াৰ উপৰি, অতিৰিক্ত ব্ৰত ৰখা, অতিৰিক্ত ওজন তোলা, যৌনউত্তেজক ছৱি, অশ্লীল কথোপকথন, ভুল ধৰনেৰে যৌনসংগম, কোনো ৰোগীৰ লগত যৌন মিলন, যোনি অস্বচ্ছতা, কপাৰ টি ব্যৱহাৰৰ কাৰণে, ঘনাই গৰ্ভপাত, অনিয়মিত জীৱনযাপন যেনে ৰাতি সাৰে থকা, অনিয়মিত আহাৰ, ক্ৰোধ, মানসিক চাপ ইত্যাদি বিভিন্ন কাৰণে শ্বেতপ্ৰদৰ বা বগাস্ৰাৱ (white descharge) হব পাৰে৷


    আক্ৰান্ত লিউকোৰিয়া (leucorrhoea) বা শ্বেতপ্ৰদৰ ৰোগ কি? Pathological leucorrhoea in Assamese


    এই ক্ষেত্ৰত মহিলাৰ যোনীৰপৰা বগাস্ৰাৱ (white descharge), হালধীয়া, গোন্ধযুক্ত আৰু ঘন স্ৰাৱ প্ৰচুৰ পৰিমাণে বাহিৰ হয়৷ যোনি শ্লৈষ্মিক ত্বকৰ সংক্ৰমণ, প্ৰদাহ বা অন্য কোনো ৰোগ ইত্যাদিৰ কাৰণে এই স্ৰাৱ ঘটে৷


      নাৰী এই কাৰণে দুৰ্বল হৈ পৰে।


    ‣  কেতিয়াবা কেতিয়াবা লাজ বা বাধাজনিত কাৰণে,  এই ৰোগ অটি মাৰাত্মক সমস্যা হৈ উঠে আৰু ই নিৰাময় হওতে দীৰ্ঘ সময় লয়৷


    লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

    বগাস্ৰাৱ (white descharge) নিঃসৰণ উপৰিও অন্য কিছু লক্ষনো দেখা যায়, যেনে-


    1. যোনিৰ খজুৱতি৷


    2. কঁকাল বিষ৷


    3. তলপেটত বিষ৷


    4. ঘনাই প্ৰেস্ৰাৱ হোৱা৷


    5. মূৰঘূৰণি বা অন্ধকাৰ দেখা৷


    6. দুৰ্বল বোধ কৰা৷


    7. বিৰক্তি৷


    8. মূৰবিষ৷


    9. ভোক কম লগা৷


    10. কেলচিয়ামৰ অভাৱ৷


    শ্বেতপ্ৰদৰ / লিউকোৰিয়া (leucorrhoea) চিকিৎসা আৰু প্ৰতিৰোধ কিদৰে কৰিবঃ leucorrhoea treatment in assamese

     

    লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

    শ্বেতপ্ৰদৰ ৰোগৰ চিকিৎসা বাবে পোণপ্ৰথমে যোনীৰ স্বচ্ছতা ৰাখক৷ 


    প্ৰতিবাৰ মলমূত্ৰ বিসৰ্জন পিছত বা যৌনসংগমৰ পিছত যোনি পৰিষ্কাৰ পানীৰে ধুৱা উচিত৷


    এটা টাবত কুহুমীয়া গৰম পানী লৈ তাত এক চামুচ বোৰিক পাউডাৰ মিহলাই তাত বহক৷ ইয়াৰ ফলত যৌনাঙ্গ পৰিষ্কাৰ আৰু সংকুচিত হব।  নতুবা ফিটকিৰি যুক্ত পানীৰে যোনীমাৰ্গ ধুওক৷ নতুবা V- wash দৰে নিৰাপদ প্ৰডাক্ট ব্যৱহাৰ কৰিব৷


    ঘনাই গৰ্ভপাতৰ কাৰণেও শ্বেত লিউকোৰিয়া (leucorrhoea) সংক্ৰমণ ঘটিব পাৰে, সেয়ে অযাচিত গৰ্ভধাৰণৰ বিৰুদ্ধে সতৰ্কতা অবলম্বন কৰক আৰু উপযুক্ত গৰ্ভনিৰোধক ব্যৱস্থা গ্ৰহণ কৰক আৰু এক বা দুটি সন্তান প্ৰসৱৰ পিছত sterilization operation(বন্ধাত্যকৰন) কৰক।  


    শ্বেতপ্ৰদৰ ৰোগৰ ক্ষেত্ৰত, দেৰি নকৰি ডাক্তৰৰ লগত আলোচনা কৰি  যথাসম্ভব চিকিৎসা কৰক যাতে এই ৰোগ খুব বেছি সংক্ৰমণ নহয়।  


    আপোনাৰ যদি ডায়বেটিচ আছে তেন্তে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখক।  কোষ্ঠকাঠিন্য হবলৈ নিদিব৷  


    মাহেকীয়াৰ সময়ত প্ৰতি 6 ঘন্টা মূৰে মূৰে চেনিটেৰি নেপকিন সলনি কৰক৷


    অনিৰাপদ যৌনতাৰ পৰা বিৰত থাকক৷ কামুক চিন্তাৰপৰা দূৰত থাকক। ভাল সাহিত্য পঢ়ক।




    শ্বেতপ্ৰদৰ ৰোগৰ ঘৰুৱা প্ৰতিকাৰ- Home remedies for leucorrhoea in assamese


    লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

    ➡ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক যাতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।  উদাহৰণস্বৰূপে, আপোনাৰ ডায়েটত ৰুটি, দাইল, বাৰ্লি, সেউজীয়া শাকসবজি, চালাদ, ফল, বিট, বিলাহী, গাজৰ, জালুক, শুকান ফল ইত্যাদি অন্তৰ্ভুক্ত কৰক।


    ➡ আপোনাৰ ডায়েটত মছলা, তেলত ভজা আহাৰ, প্ৰচুৰ পৰিমানে বেঙেনা, পিয়াজ, আলু, বাহী আহাৰ, অত্যাধিক টেঙাযুক্ত আহাৰ ডায়েটত অন্তৰ্ভুক্ত নকৰিব।


    ➡ চাহ, কফি পৰা দূৰত থাকক।


    ➡ বাবুলৰ ছাল (Bark of acacia) আৰু অশোকৰ ছাল (bark of ashoka) পানী সিদ্ধ কৰক আৰু সেই পানী ফিল্টাৰ কৰাৰ পিছত সেই পানীত ফিটকিৰি মিহলাই  যোনি পৰিষ্কাৰ কৰক।


    ➡ ৰাতিপু্ৱা পানী দি এক চতুৰ্থাংশ চামুচ ফিটকিৰি গুঁড়ি মিহলাই ৰাতিপুৱা আৰু গধূলি খালেও লিউকোৰিয়া (leucorrhoea) নিৰাময় হয়।


    ➡ গোলাপ ফুলৰ সতেজ পাত মিচিৰি লগত মিহলাই খোৱাৰ পিছত ঠাণ্ডা আৰু মিঠা গাখীৰ খাওক৷ ইয়াৰ ফলত 1 সপ্তাহৰ ভিতৰত লিউকোৰিয়া (leucorrhoea) লগত প্ৰস্ৰাৱত জ্বলন আৰু শৰীৰৰ তাপক হ্ৰাস কৰিব।


    আয়ুৰ্বেদৰ মতে, চাউল ধোৱা পানী লিউকোৰিয়া (leucorrhoea)ৰ বাবে খুব ভাল।  ১০ গ্ৰাম নাগকেশৰ লওক, চাউল ধোৱা পানীৰ লগত পিচক আৰু লগত মিচিৰি মিহলাই প্ৰতিদিনে এক কাপকৈ পান কৰক, কিছু দিনৰ ভিতৰত শ্বেতৰোগৰ সমস্যা হ্ৰাস পাব৷


    ➡  1 চামুচ মৌ লগত আধা চা চামুচ আমলখী গুড়ি মিহলাই এক মাহৰ বাবে গ্ৰহন কৰিলে লিউকোৰিয়া (leucorrhoea) পৰা মুক্তি পোৱা যায়।


    ➡ সমপৰিমাণৰ জিৰা আৰু মিচিৰি মিহলাই পিচি ৰাখক৷ আৰু ৰাতিপুৱা আৰু সন্ধ্যা এক চামুচকৈ চাউল ধোৱা পানীৰে খাওঁক।


    ➡ কল অৱশ্যই গ্ৰহন কৰা উচিত।  লাগিলে আপুনি খোৱাৰ পিছত কল খাওক নতুবা গাখীৰৰ লগত কল মিহলাই খাওক বা কলৰ লগত ঘি মিহলাই খাওক।  কল ব্যৱহাৰ ফলত লিউকোৰিয়া (leucorrhoea)ত যথেষ্ট সুফল পাব।


    ➡ মুলেঠী চূৰ্ণ ৰাতিপুৱা 1 গ্ৰাম মাত্ৰাত কিছুদিন গ্ৰহন কৰক৷


     ➡ পিঠি বিষ বা জয়ন্ট বিষৰ বাবে, ত্ৰিফলা গুগুলক ৰাতিপুৱা আৰু সন্ধ্যা পানী সৈতে পান কৰক।  আপুনি ডাক্তাৰৰ পৰামৰ্শ লৈ অশোকাৰিষ্ট বা অন্য ঔষধ সেৱন কৰিব পাৰে।


    ➡ প্ৰতিদিনে গাজৰ, শাক, বন্ধাকবি আৰু বিট ৰস পান কৰিলে জৰায়ুৰ প্ৰদাহ হ্ৰাস হয় আৰু লিউকোৰিয়া (leucorrhoea) নিৰাময় কৰে। ইয়াৰ উপৰি আপোনাৰ হিমগ্লোবিন বৃদ্ধিত সহায় হয়।


    ➡ প্ৰতিদিনে ৰাতিকুৱা কেঁচা ভেন্দী খালেও শ্বেতপ্ৰদৰ ৰোগৰ পৰা আৰোগ্য পোৱা যায়।


    মেথিৰ বীজ বা মেথিৰ লাৰু খালে  শ্বেতপ্ৰদৰত স্বস্তি পোৱা যায় আৰু শৰীৰকো মজবুত কৰে। গুড় আৰু মেথীৰ মিশ্ৰন এক এক চামুচ মিহলাই খালেও শ্বেতপ্ৰদৰ ৰোগ উপশম হয়৷


    ➡আপোনাৰ দৈনন্দিন জীৱনত যোগ অনুশীলন অন্তৰ্ভুক্ত কৰক৷



    যি মহিলায়ে লাজ সংকোচৰ কাৰণে ডাক্তৰৰ ওচৰলৈ যোৱা নাই তেওঁলোকে লাজ ভয় পৰিহাৰ কৰক আৰু অনতি পলমে চিকিৎসকৰ ওচৰলৈ গৈ নিৰাময়ৰ ব্যৱস্থা গ্ৰহন কৰক৷ লগতে উপযুক্ত ডায়েট, সঠিক ব্যায়াম, যোগ-ব্যায়াম, শাৰীৰিক স্বাস্থ্যবিধি লগতে প্ৰয়োজনীয় ঘৰুৱা প্ৰতিকাৰ জৰিয়তে চিকিৎসা কৰি শ্বেতপ্ৰদৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ চেষ্টা কৰক৷


    আশাঁ কৰো উপৰোক্ত শ্বেতপ্ৰদৰ সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

    ধন্যবাদ 🙏 


    *( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)


    Follow “fitassam”- 

    Instagram-https://www.instagram.com/fitassam/?r=nametag

    Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

    email- fitassam@gmail.com






    www.fitassam.xyz

  • অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

  • হেমোৰয়েড বা পাইলচ কি? what is piles?-in assamese

    হেমোৰয়েদ ৰোগ(hemorrhoids) - যাক পাইলচ (piles) বোলা হয় - এই ৰোগত মলদ্বাৰ আৰু মলাশয় মধ্যেৰ শিৰাসমূহত ফোলাভাব আৰু উত্তেজনা সৃষ্টি কৰে। এয়া সাধাৰণতে শৌচদ্বাৰ আৰু মলাশয়ত উপস্থিত শিৰাসমূহ এটি "varicose vein" ৰোগ।  পাইলচ মলদ্বাৰৰ অভ্যন্তৰৰ অংশত বা মলদ্বাৰৰ বাহিৰৰ অংশত হব পাৰে।


    অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoids in assamese

    পাইলচ অনেক কাৰণত হব পাৰে, যদিও ইয়াৰ সঠিক কাৰণ এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাযায়। ই অন্ত্ৰৰ গতিবিধিৰ সময়ত অতিৰিক্ত চাপ পোৱাৰ কাৰণে বা গৰ্ভাৱস্থাত মলদ্বাৰৰ শিৰাসমূহত চাপ বঢ়াৰ কাৰণেও হব পাৰে। হেমোৰয়েডৰ লক্ষণসমূহ বিভিন্ন ধৰণৰ হব পাৰে, যি সামান্য খজুৱতি বা অস্বস্তি পৰা মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ বা মলদ্বাৰৰ অংশ বাহিৰৰ দিশত উলাই যাব পাৰে।  হেমোৰয়েড লক্ষণসমূহৰ তীব্ৰতাৰ উপৰত নিৰ্ভৰ কৰে।


    কেতিয়াবা কেতিয়াবা কিছু সাধাৰণ জীৱনযাত্ৰাৰ পৰিবৰ্তনৰ যোগেদি যেনে: ফাইবাৰ সমৃদ্ধ ডায়েট খোৱা আৰু ক্ৰিম প্ৰয়োগ কৰা যোগেদি চিকিৎসা কৰি উপশম পোৱা যায়।  অন্যহাতেদি, ৰোগে গম্ভীৰ ৰৃপ লেলে অপাৰেচনৰ চিকিৎসা কৰিব লগীয়া হব পাৰে৷ এই ৰোগৰ জটিলতা সাধাৰণত খুব বিৰল আৰু বহু কম ক্ষেত্ৰতহে হেমোৰয়েড বিকশিত হয়। কিন্তু যদি হেমোৰয়েডৰ চিকিৎসা কৰা নহয় তেন্তে ই দীৰ্ঘস্থায়ী ফোলাভাব আৰু ৰঙাভাব দেখা দিয়ে আৰু আলচাৰ হোৱাৰ সম্ভাৱনা বঢ়ায় তোলে।


    হেমোৰয়েড(hemorrhoid) সাধাৰণতে বিপদজ্জনক নহয় আৰু যদি ই কোনো অস্বস্তি বা কষ্টকৰ হৈ পৰে  তেন্তে ইয়াৰ চিকিৎসা কৰা দৰকাৰ।  যদি গৰ্ভাৱস্থাত হেমোৰয়েড হয় তেন্তে  সাধাৰণতে নিজে নিজেই ঠিক হৈ যায়।  কোষ্ঠকাঠিন্যৰ কাৰণে অৰ্শ্বৰোগৰ চিকিৎসা কৰাৰ বাবে, ডায়েট আৰু জীবনধাৰাত পৰিবৰ্তন কৰা প্ৰয়োজন। ইয়াৰ বাহিৰে অপাৰেচনৰ সহায়তো অৰ্শ্বৰোগৰ চিকিৎসা কৰা যাব পৰা যায়।


    পাইলচৰ প্ৰকাৰ-How many types of piles are there?-in assamese


    মূলত চাৰি ধৰণৰ পাইলচ আছে:

    অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoids in assamese

    ১) অভ্যন্তৰীণ হেমোৰয়েডচ (Internal hemorrhoids)
      - এই জাতীয় অৰ্শ্বৰোগৰ মলদ্বাৰৰ অভ্যন্তৰত বিকশিত হয়।  অৰ্শ্বৰোগৰ কিছু ক্ষেত্ৰত এয়া দৃশ্যমান নহয় কাৰণ ই মলদ্বাৰৰ গভীৰত বিকশিত হয়।  অভ্যন্তৰীণ অৰ্শ্বৰোগে সাধাৰণতে গুৰুতৰ অৱস্থাৰ সৃষ্টি নকৰে আৰু ই নিজে নিজেই নিৰাময় হয়।


    ২) বাহ্যিক হেমোৰয়েডচ (External hemorrhoids) - এই জাতীয় অৰ্শ্বৰোগ মলদ্বাৰৰ উপৰত বিকাশ লাভ কৰে। ই সেই স্হানৰ বাহিৰৰ দিশে বিকাশিত হয় যি ফালেদি মল বাহিৰ হয়।  কিছু ক্ষেত্ৰত ইয়াৰ উপস্থিতি দেখা পোৱা নাযায়, অন্য ক্ষেত্ৰত ই মলদ্বাৰৰ পৃষ্ঠত টেমুনা দৰে দেখায়।  বাহ্যিক অৰ্শ্বৰোগ সাধাৰণতে কোনো গুৰুতৰ সমস্যা সৃষ্টি নকৰে। কিন্ত্ত আপুনি যদি ব্যথা বা অন্যান্য সমস্যাত ভুগিছে বা ই আপনাৰ দৈনন্দিন জীৱনযাত্ৰাত সমস্যা সৃষ্টি কৰিছে তেন্তে আপুনি অৱশ্যই এজন ডাক্তৰৰ পৰা পৰামৰ্শ লোৱা উচিত।


    ৩) প্ৰল্যাপ্সড হেমোৰয়েডচ (Prolapsed hemorrhoids) - যেতিয়া অভ্যন্তৰীণ পাইলচ ফোলে আৰু এটি মলদ্বাৰ পৰা বাহিৰৰফালে উলোৱা আৰম্ভ হয় এই অৱস্থাকে প্ৰল্যাপ্সড হেমোৰয়েডচ বোলা হয়।  


    ৪) থ্ৰোম্বোজড হেমোৰয়েডচ (Thrombosed hemorrhoids) - এই ধৰণৰ হেমোৰয়েড  জটিলতা হেমোৰয়েড বুলি কোৱা হয়৷ এই পাইলচত তেজৰ চেঁকুৰা সৃষ্টি হয়।  এই তেজৰ ​​চেকুঁৰা বাহ্যিক আৰু অভ্যন্তৰীণ হেমোৰয়েড উভয় ক্ষেত্ৰতে বিকশিত হয়৷ 


    stages বা পৰ্য্যায়



    অভ্যন্তৰীণ অৰ্শ্বৰোগসমূহৰ তীব্ৰতা আৰু আকাৰ অনুযায়ী 1 ৰপৰা 4 গ্ৰেডলৈ শ্ৰেণীবদ্ধ কৰা যায়-



     গ্ৰেড 1 - অভ্যন্তৰীণ অৰ্শ্বৰোগ মলদ্বাৰৰ অভ্যন্তৰীণ আস্তৰণৰ উপৰত সামান্য ফোলাভাৱ থাকে । ইয়াত কোনো ধৰনৰ বিষ  অনুভৱ নহয়৷ গ্ৰেড 1 হেমোৰয়েডস সাধাৰণ।


     গ্ৰেড 2 - ফোলা কিছু বেছি হয়। মল ত্যাগ কৰা সময়ত বল দিয়া ফলত ৰক্ত নিৰ্গত হয়৷ 

     

     গ্ৰেড 3 - শৌচৰ লগত ৰক্ত ​​থাকে।  লগতে মাংস বা পিণ্ড উলাই আহে৷ আঙুলিৰে ভিতৰলৈ ঠেলা মাৰি দিলে সোমাই যায়৷


     গ্ৰেড 4 - অভ্যন্তৰীণ হেমোৰয়েডত প্ৰচুৰ বিষ হয়।  মলত্যাগ কৰাৰ সময়ত বল প্ৰয়োগ কৰোতে, ৰক্তৰ লগতে মাংস বা পিণ্ড উলাই আহে৷ তেতিয়া আঙুল প্ৰয়োগ কৰি ঠেলা মাৰি দিলেও সোমাই নাযায়৷ কেতিয়াবা পাইলচৰ এই আকাৰ বহু ডাঙৰ হৈ যায়৷



     লক্ষণ 


    হেমোৰয়েডচৰ লক্ষণসমূহ কি? what is the symptoms of piles?- in assamese

    অৰ্শ্বৰোগৰ লক্ষণ হ'ল: 

    মলত্যাগ যাৰ ফলত  মলাশয় বা মলদ্বাৰত আঘাত হব পাৰে। 

    ‣ মলত্যাগ কৰা সময়ত ব্লিডিং হোৱা৷

    ‣ মলদ্বাৰৰপৰা শ্লেষ্মাৰ দৰে স্ৰাৱ বাহিৰ হোৱা।  

    ‣ মলদ্বাৰৰ কাষত এটি বেদনাদায়ক ফোলাভাৱ বা পিণ্ড বা মাংস হোৱা।  

    ‣ মলদ্বাৰ স্হানত খজুৱতি যা অবিচ্ছিন্নভাবে বা মাজে মাজে হব পাৰে।


    কাৰণ


    পাইলচ কিয় হয়? What is the main cause of piles?- in assamese


    মলদ্বাৰৰ চাৰিওপাশৰ শিৰাসমূহত চাপৰ কাৰণে সেইসমূহ প্ৰসাৰিত হয় যাৰ কাৰণে  ফুলি যায় বা উখহি যায়।  শিৰাসমূহ ফুলি যোৱা কাৰণে অৰ্শ্বৰোগৰ বিকাশ ঘটে।  


    নিম্নলিখিত কাৰণে মলদ্বাৰৰ নিম্ন অংশত চাপ বৃদ্ধি পায়-


    মলত্যাগ কৰা সময়ত বল প্ৰয়োগ কৰা৷


    দীৰ্ঘস্থায়ী ডায়ৰিয়া বা কোষ্ঠকাঠিন্য


    শৌচালয় (Toilet) ত খুব দীৰ্ঘ সময় ধৰি বহি থকা ৷


    উপৰৰ সমস্ত কাৰণসমূহ মলদ্বাৰ স্হানত ৰক্ত ​​প্ৰবাহক প্ৰভাৱিত কৰে,ৰক্তনলীসমূহত চাপ বঢ়ায় আৰু এইদৰে ইয়াৰ আকাৰ বৃদ্ধি হয়।


    ইয়াৰ উপৰি, মলত্যাগ কৰা সময়ত অধিক বল প্ৰয়োগ কৰা ফলত মলাশয়ৰ শিৰাসমূহত বিশেষকৈ sphincter মাংসপেশীসমূহ  (opening and closing muscles)

    চাপ বৃদ্ধি হয় অৰ্শ্বৰোগ উৎপন্ন হয়।


    অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoids in assamese

    হেমোৰয়েডৰ কাৰণসমূহ ভিতৰত নিম্নলিখিত কাৰনসমূহো অন্তৰ্ভুক্ত:


    বয়স্ক বয়সত : হেমোৰয়ডচৰ পৰা ৰক্ষা কৰা টিস্যুসমূহ বয়সৰ লগত দুৰ্বল হৈ যায়।  এই কাৰণেও, অৰ্শ্বৰোগৰ বিকাশ ঘটে ৷


    স্থূলতা বা মেদবহুলতা:  পেটৰ অভ্যন্তৰত চাপ বাঢ়িলে মলদ্বাৰৰ পেশীসমূহতো চাপ বাঢ়ে।


    গৰ্ভাৱস্থা: পেটৰ অভ্যন্তৰত চাপ বঢ়াৰ উপৰিও জৰায়ুৰ আকাৰ বৃদ্ধি হোৱা বাবেও মলদ্বাৰৰ শিৰা প্ৰসাৰিত হয় আৰু ফুলি যায়।


    অৰেল চেক্স: অৰেল সেক্স (oral sex) কৰাতোও অৰ্শ্বৰোগৰ কাৰণ হব পাৰে।


    হেমোৰয়েডচৰ জটিলতা বৃদ্ধিৰ কাৰণ কি -


    মলদ্বাৰৰ আস্তৰণৰ ভিতৰৰ শিৰাসমূহৰ পৰিবৰ্তন আৰু অৰ্শ্বৰোগ গঠনৰ কাৰণ পৰিষ্কাৰ নহয়। তথাপি বিশ্বাস কৰা হয় যে, অনেক ক্ষেত্ৰত মলদ্বাৰ আৰু তাৰ চাৰিওপাশে হোৱা বৰ্ধিত চাপ ইয়াৰ এটি কাৰণ হব পাৰে।


    কোষ্ঠকাঠিন্য - কোষ্ঠকাঠিন্যেৰ কাৰণে মলদ্বাৰৰ শিৰা আৰু ইয়াৰ চাৰিওপাশে চাপৰ কাৰণে অৰ্শ হয়৷ গতিকে যেতিয়াই আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা হয়, যিমান পাৰি সোনকালে যথাসম্ভব ইয়াৰ চিকিৎসা কৰক৷


    গৰ্ভাৱস্থা- গৰ্ভাৱস্হাত পাইলচ সাধাৰণ।  এয়া সম্ভৱত গৰ্ভাশয়ত শিশুৰ দ্বাৰা সৃষ্ট চাপৰ কাৰণে ঘটে। ইয়াৰ উপৰি, গৰ্ভাৱস্থাযত হৰমনৰ পৰিবৰ্তনসমূহো ইয়াৰ এটি কাৰণ হব পাৰে।


    বংশগত - কিছু লোকৰ ক্ষেত্ৰত বংশগত কাৰণেও পাইলচ ৰোগ হয়।  


    প্ৰতিৰোধ


    পাইলচ ৰোগৰ পৰা কিদৰে বাচিব? 


    অৰ্শ্বৰোগ প্ৰতিৰোধৰ সৰ্বোত্তম উপায় হ'ল শৌচ নৰম কৰি ৰখা, যাতে মল ত্যাগ কৰিলে সমস্যা সৃষ্টি নহয়৷ নিয়মিত শাৰীৰিক ক্ৰিয়াকলাপৰ উপৰিও ডায়েট বা আহাৰে মূখ্য ভূমিকা গ্ৰহন কৰে৷ ইয়াৰ বাবে, আপুনি গোটেই দিন 25-30 গ্ৰাম বা তাতকৈ বেছি ফাইবাৰ সমৃদ্ধ আহাৰ গ্ৰহণ কৰা উচিত।  ফাইবাৰ সমৃদ্ধ আহাৰে উভয় প্ৰকাৰেীৰ (দ্ৰবীভূত আৰু অদ্ৰবণীয়) ফাইবাৰ থাকে৷ আপুনি যদি আপোনাৰ ডায়েটত একেবাৰতে ফাইবাৰ অন্তৰ্ভুক্ত নকৰিব, লাহে লাহে এই উপাদানটিক আপনাৰ ডায়েটত অন্তৰ্ভুক্ত কৰক, অন্যথা ডায়েটত হঠাৎ ফাইবাৰৰ পৰিমাণ বাঢ়িলে ই পেটত গেচ আৰু পেট ফোলা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ 


    অৰ্শ্বৰোগ প্ৰতিৰোধৰ বাবে আপনি নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰেঃ



    টয়লেট চিটত খুব বেছি ক্ষণ বহি  নাথাকিব: দীৰ্ঘ সময় টয়লেটত বহি থকাৰ কাৰণে মলত্যাগৰ অসুবিধা হোৱাৰ সম্ভাৱনা বাঢ়ে। ইয়াৰ লগতে শৌচালয়ত বহাৰ পজিচনৰ কাৰণেও  আপোনাৰ মলদ্বাৰৰ চাৰিওপাশে ৰক্তনলীৰ উপৰত চাপ পৰে। তদুপৰি, আপুনি টয়লেটত মোবাইল আৰু পেপাৰ, মেগেজিন লৈ নবহিব, যিমানখিনি সময় প্ৰয়োজন সিমান সময়হে ব্যয় কৰক।


    অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

    পৰ্যাপ্ত পৰিমাণ পানী পান কৰক:
    শৰীৰৰ প্ৰয়োজন অনুযায়ী আপুনি পৰ্যাপ্ত পানী পান কৰক, ই কোষ্ঠ্যকাঠিন্যৰ সমস্যা হব নিদিয়ে৷ 



    মলত্যাগৰ ইচ্ছাক উপেক্ষা নকৰিব: যদি মলত্যাগৰ ইচ্চাক আপুনি উপেক্ষা কৰি থাকে তেন্তে এই অভ্যাসৰ ফলত শৌচক কঠিন বা শুষ্ক কৰেীি তুলিব পাৰে। ফলত মলত্যাগৰ সময়ত মলদ্বাৰৰ শিৰাসমূহত চাপ সৃষ্টি হয়।  যাৰবাবে পাইলচ হোৱাৰ আশংকা থাকে৷ 


    আঁহযুক্ত আহাৰ খাওঁক: আপনাৰ ডায়েটত সেউজীয়া শাকসব্জী, গোটা শস্য আৰু cereals (কৃত্ৰিমভাবে তৈয়াৰ কৰা পুষ্টিকৰ সমৃদ্ধ আহাৰ) অন্তৰ্ভুক্ত কৰক। ইয়াৰ লগতে আপুনি ইচবগুল(psyllium husk)  গ্ৰহণ কৰা উচিত।  


    নিয়মিত ব্যায়াম কৰক: শাৰীৰিকভাবে গতিশীল হৈ থাকিলে  মলত্যাগ কৰাত সহজ হয়৷ যদি আপুনি পূৰ্বৰে পৰা কোনো ধৰনৰ ব্যায়াম বা অনুশীলন নাই কৰা তেন্তে, আপুনি পেটৰ ক্ৰাঞ্চসমূহ(abdominal crunches) দৰে হঠাৎ অতিৰিক্ত ওজন অনুশীলন কৰা উচিত নহয়৷ ইয়াৰ উপৰি, আপুনি যদি গোটেই সপ্তাহ ব্যায়াম বা অনুশীলন নাই কৰা তেন্তে সপ্তাহৰ শেষত একেলগে দীৰ্ঘসময় অনুশীলন নকৰিব।  এই সময়ত, আপুনি ধীৰে ধীৰে কাৰ্যকৰ আৰু সহজ অনুশীলনৰ অভ্যাস গ্ৰহণ কৰা উচিত।  প্ৰতিদিনে মাত্ৰ 20 মিনিটৰ বাবে খোজকঢ়া আপনাৰ মলত্যাগৰ গতিবেগক উন্নত কৰে।


    ব্যায়ামৰ উপৰিও কিছু যোগাসন যেনে ভুজঙ্গসানা, ধনুৰাসান, শৱাসন, উত্তন পদাচনা,  ইত্যাদি হেমোৰয়েডৰ লক্ষণসমূহ হ্ৰাস কৰাত অত্যন্ত উপকাৰী। ইয়াৰ বাবে উপযুক্ত যোগাচাৰ্য্যৰ পৰা শিকি কৰা উচিত৷



    সক্ৰিয় থাকক(active): আপুনি যদি গোটেই দিন বহি থাকি কাম কৰিব লাগে বা কমকৈ চলাফুৰা কৰাৰ সুবিধা পায় তেন্তে এনেক্ষেত্ৰত আপুনি একে স্হানত বহি কাম কৰাৰ এঘন্টা মূৰৰ অন্তৰালত দুই বা তিনি মিনিটৰ বাবে চলাফুৰা কৰি আঁহক৷

    ইয়াৰ উপৰি, লিফ্টৰ পৰিবৰ্তে আপুনি চিৰি ব্যৱহাৰ কৰাৰ অভ্যাস কৰক৷ তদুপৰি  অফিচ পাৰ্কিংৰ সকলোতকৈ দূৰৰ স্থানত গাড়ী পাৰ্ক কৰক, ইয়াৰ ফলতো আপুনি কিছু দূৰ খোজকঢ়াৰ সুবিধা পাব৷



    অৰ্শৰোগৰ বাবে ডায়েট


    আপুনাৰ পেটত হোৱা যি কোনো সমস্যাৰ প্ৰত্যক্ষ আৰু ক্ষতিকাৰক প্ৰভাৱ পাইলচৰ ওপৰত পৰে৷ সেয়েহে, সঠিক ডায়েট গ্ৰহণৰ পৰা অৰ্শৰোগৰ পৰা মুক্তি পাব পাৰে আৰু অনুপযুক্ত ডায়েটে আপনাৰ হেমোৰয়েডক আৰু অধি জটিল কৰি তুলিব পাৰে।  


    অৰ্শৰোগত কি খাবঃ


    সেইসমূহ ভোজন খাওঁক যি সমূহত প্ৰচুৰ ফাইবাৰ থাকে আৰু সহজে হজম হয়৷ যেনে অটচ, গোমধান, গম ইত্যাদি৷ ইয়াৰ ফলত আপনাৰ পাইলচত অনেক সহায় হয়। ইয়াৰ উপৰি, অমিতা, ডিমৰু, কল, ব্ল্যাকবেৰি, বেৰি, আপেল আৰু সেউজীয়া শাকসব্জী অন্ত্ৰৰ পক্ষে খুব ভাল।  শুকান ফল যেনে বাদাম আৰু আখৰোট ইত্যাদি আৰু আপনাৰ অৱস্থাৰ লগত সামঞ্জস্য কৰাৰ বাবে আইৰন সমৃদ্ধ আহাৰ গ্ৰহন কৰক।  পিয়াজ, আদা আৰু নহৰুও হেমোৰয়েডৰ চিকিৎসাত খুব উপকাৰী।  মলত্যাগ নৰম ৰখাত প্ৰচুৰ পৰিমাণে তৰল পান কৰক।


    কি নাখাব


    বগা আটা বা ময়দা পাইলচৰ সমস্যা বহুগুণে বঢ়ায় তুলিব পাৰে, গতিকে বগা আটা বা ময়দা পণ্য খোৱা এৰা উচিত।  জাঙ্ক ফুড, ধূমপান আৰু এলকোহল গ্ৰহণ নকৰিব৷   দুগ্ধজাত পণ্য কোষ্ঠকাঠিন্যেৰ সমস্যা বঢ়ায় তুলিব পাৰে যি হেমোৰয়েডৰ অৱস্থাৰ আৰু জটিল কৰি পাৰে, গতিকে দুগ্ধজাত আহাৰ গ্ৰহণ কৰা অনুচিত।  তেল, মছলাযুক্ত আৰু বজাৰত প্ৰস্তুত কৰা আহাৰ পাইলচৰ বাবে ক্ষতিকাৰক। পেকেজড ফুড ব্যবহাৰ কৰা এৰি দিয়ক।

    আৰু পঢ়কঃ কোষ্ঠকাঠিন্যৰ কাৰন আৰু প্ৰতিকাৰ -Constipation Causes, Symptoms and remedies in Assamese


    www.fitassam.xyz

  • হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms and remedies
  • হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies


    হতাশা বা ডিপ্ৰেছন(depression) এটি মানসিক অৱস্থা যি প্ৰতিজন মানুহে নিজৰ জীৱনকালত কিবা নহয় কিবা ৰূপত কেতিয়াবা নহয় কেতিয়াবা অভিজ্ঞতা অৰ্জন কৰি পাইছে।  তদুপৰি এই দ্ৰুতগতিৰ যুগত এই ৰোগ চৰ্দি-জ্বৰৰ দৰে হব ধৰিছে৷ প্ৰায় 10% জনসংখ্যাত হতাশা ৰোগ হিচাবে দেখা যায়।  বিৰূপ পৰিস্থিতিত মানসিক উত্তেজনা আৰু হতাশা অনুভৱ কৰা স্বাভাৱিক, কিন্তু এই মানসিক অৱস্থা যেতিয়া অনিয়ন্ত্ৰিত হৈ যায় আৰু দীৰ্ঘায়িত হয় আৰু মানসিক বিকৃতি হিচাবে দৈনন্দিন জীৱনত প্ৰভাৱিত কৰিব ধৰে তেতিয়া ইয়াৰ চিকিৎসা কৰা জৰুৰী হৈ পৰে।

    এই ৰোগবিধ সকলো বয়সৰ বা শ্ৰেণীৰ (working, non-working, healthy, diseased) যি কোনো ব্যক্তিৰ মাজত দেখা দিব পাৰে। অৱশ্যে এই ৰোগবিধ নিৰাময় কৰিব পৰা যায়৷ কাৰ্যকৰ চিকিৎসা আৰু মনো-বিশ্লেষণৰ মাধ্যমেৰে এই ৰোগ সহজেই নিৰাময় হয়।


    হতাশাৰ কাৰণসমূহ - causes of depression- in assamese


    হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies

    যদিও এই ৰোগবিধ জনসাধাৰণৰ মাজত অত্যাধিক ব্যাপ্ত হব ধৰিছে কিন্তু এতিয়া পৰ্যন্ত ইয়াৰ মূল কাৰণ সম্পৰ্কে কোনো স্পষ্টতা পোৱা নাযায়।  বিজ্ঞানীসকলে বিশ্বাস কৰে যে, এই ৰোগবিধ মনস্তাত্ত্বিক, জিনগত আৰু পৰিবেশগত কাৰণে উৎপন্ন হয়৷

    কিছুমান লোকৰ মাজত জন্মগত ভাৱেই হতাশা(depression) পৰিলক্ষিত হয়। তেওঁলোকৰ মস্তিস্কত প্ৰাকৃতিক ৰাসায়নিকসমূহৰ ভাৰসাম্যহীনতা হয়। ইয়াৰ উপৰি, দীৰ্ঘস্থায়ী অসুস্থ ব্যক্তিৰ, ভিডিও গেমচ বা ইন্টাৰনেটৰ অধিক ব্যৱহাৰ কৰা লোকৰ, যিসকল লোকৰ প্ৰিয়জন মৃত্যু হৈছে বা তেওঁলোকৰ লগত থকা সংযোগ বিচ্ছিন্ন হৈ পৰিছে ইত্যাদি আচৰণগত কাৰণত ব্যক্তিৰ হতাশা(depression) বিকাশিত হব পাৰে।


    হতাশাৰ লক্ষণ-what depression symptoms- in assamese


    হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies

    ‣ আত্মহত্যাৰ চিন্তা বা বিচাৰ কৰা


    ‣ আত্মবিশ্বাসৰ অভাৱ 


    ‣ শূন্যতাৰ অনুভূতি বা অকলশৰীয়া অনুভৱ কৰা


    ‣ অপৰাধবোধ দ্বাৰা গ্ৰসিত


    ‣ সামাজিক বিচ্ছিন্নতা আৰু খিংখিঙীয়া প্ৰকৃতি


    ‣ সিদ্ধান্ত লোৱাত অক্ষমতা


    ‣ খুব বেছি বা খুব কম শুৱা



    আয়ুৰ্বেদ মাধ্যমেৰে হতাশাৰ চিকিৎসা-Treatment Of Depression Through Ayurveda- in assamese



    হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms ans remedies

    চাইকোথেৰাপি(psychotherapy)  আৰু ঔষধ উভয়েই এই ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়। সাধাৰনভাৱে হোৱা হতাশা(depression) কেৱল চাইকোচিচ (psychosis) দ্বাৰা নিৰাময় কৰিব পৰা যায়। কিন্তু গম্ভীৰভাৱে হোৱা হতাশা ঔষধৰ জৰিয়তে চিকিৎসা কৰা হয়।  এন্টি-ডিপ্ৰেশন মেডিচিনে (Anti-depressant drugs) মস্তিষ্কৰ ৰাসায়নিক ভাৰসাম্যহীনতা সংশোধন কৰে আৰু হতাশাগ্ৰস্হ ব্যক্তিৰ হতাশা নিৰাময় কৰাত সহায়ক হয়৷ আপুনি জানি অবাক হব যে, এই ঔষধসমূহৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ কাৰণে ৰোগী আত্মঘাতী চিন্তাভাৱনা আৰম্ভ হব পাৰে  বা আতঙ্কিত বা ভয়লগাৰ দৰে অনুভৱ হব পাৰে।  অন্যান্য বহু পাৰ্শ্ব প্ৰতিক্ৰিয়া এই ঔষধসমূহৰ পৰা হব পাৰে৷


    গতিকে, যদি আপুনি আত্মবিশ্বাসক শক্তিশালী কৰাৰ চেষ্টা কৰে আৰু আয়ুৰ্বেদিক ঔষধৰ মূল সিদ্ধান্তসমূহ বুজি লৈ চিকিৎসা কৰে, তেন্তে এই ৰোগৰপৰা মুক্তি পাব পাৰে আৰু স্বাস্থ্যৰ দিশত মনোনিবেশ কৰিব পাৰে।


    আয়ুৰ্বেদত এই ৰোগবিধ "বিষাদ ৰোগ" নামে পৰিচিত।  এই অৱস্থাক ৰোগ-কাৰণজনিত ফ্যাক্টৰ (disease-causing factor)বুলিও কোৱা হয়।  এই মনোৰোগ ধীৰে ধীৰে দেহত প্ৰবেশ কৰে, আৰু ব্যক্তিৰ স্বাস্থ্য, সংবদনা, অনুভূতি, সংবদনশীলতা এই সমূহৰ ওপৰত প্ৰভাৱ পেলায়। যেতিয়া হতাশা এক ৰোগৰ ৰূপ লয়, তেতিয়া ইয়াৰ চিকিৎসা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠে।


    বিভিন্ন বনৌষধি হতাশা নিৰ্মূল কৰাত কাৰ্যকৰ- Herbs Useful in Treatment Of Depression- In assamese



    অশ্বগন্ধা (Withania somnifera): এই ঔষধৰ প্ৰভাৱৰ কাৰণে মনত নেতিবাচক চিন্তাভাৱনা উৎপন্ন হোৱা বন্ধ হৈ যায়৷ ই চিন্তা, উত্তজনা আৰু শাৰীৰিক দুৰ্বলতা পৰা মুক্তি দিয়ে।


    ব্ৰাহ্মী (Bacopa monnieri): ইয়াৰ ঔষধীয় গুণাৱলীৰ কাৰণে স্ট্ৰেচ, হতাশাৰ দৰে মানসিক ৰোগ নিৰাময় হয় আৰু স্মৰন শক্তি বিকশিত হয়।  এই ঔষধ মস্তিষ্কৰ কোষসমূহত নতুন শক্তি তৈয়াৰ কৰি মানসিক শান্তি আৰু মনোবল উভয়েই বঢ়াই তোলে।Brahmi depression cure in assamese


    হালধী (Curcuma longa): হালধী শাৰীৰিক আৰু মানসিক ব্যাধি প্ৰতিৰোধৰ বাবে এটি আশ্চৰ্যজনক ঔষধ।  বিশেষকৈ, ইয়াৰ প্ৰয়োগ ঋতু পৰিবৰ্তনৰ বাবে  সকলোৰে ক্ষেত্ৰত হোৱা অৱসাদৰ বাবে গুৰুত্বপূৰ্ণ।


    গুডুচি (Tinospora cordifolia): এই ঔষধ শক্তিবৰ্ধক আৰু ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধি কৰে, স্মৰন শক্তি বিকাশ কৰে৷ 


    জটামাসি(Nardostachys jatamansi)


     এই ঔষধৰ সেৱন মানসিক শিথিলতাৰ অনুভূতি দিয়ে। ইয়াৰ গুনাৱলীৰ কাৰনে  ইতিবাচক চিন্তাভাৱনা উৎপন্ন কৰে আৰু  সঠিক দিশত পৰিচালিত কৰে আৰু হতাশাক প্ৰতিৰোধ কৰে।


    হতাশাৰ বাবে উপকাৰী ঘৰুৱা প্ৰতিকাৰ- Home Remedies Useful In Depression In assamese


    ➡ 1 গ্লাচ পানীত 2 টেবুল চামুচ ব্ৰাহ্মী আৰু অশ্বগন্ধা গুঁড়ি মিহলাই  প্ৰতিদিনে গ্ৰহণ কৰক।


    ➡ গৰম গাখীৰত কিছু পৰিমানে দালচেনী আৰু ইলাচী মিহলাই খাওঁক৷ নতুবা গৰম পায়সত দালচেনী, ইলাচী, কিচমিচ মিহলাই খাওক৷


    বাদাম বা তিয়াই ৰখা বাদাম পিচি লৈ গাখীৰত মিহলাই খাওক৷


    আখৰুট, বাদাম আৰু কিচমিচ ৰাতি তিয়াই থৈ ৰাতিপুৱা খালে উপকাৰী৷


    ➡ ঠাণ্ডা, গধুৰ আৰু বাহি বস্তু নাখাব৷


    ➡ হতাশা বা ডিপ্ৰেছন হলে মদ বা চিগাৰেট বহু লোকে গ্ৰহন কৰে, যাৰ ফলত এই ৰোগ অধিক জটিল হৈ পৰে৷ গতিকে এই ৰাগিয়াল বস্তুৰপৰা আঁতৰত থাকক৷


    ➡ ৰোগীয়ে সকলো সময়তে কিছু ইতিবাচক কামত  ব্যস্ত থকা উচিত। ই মনক অনৰ্থক চিন্তাভাৱনা পৰা বচায়।


    ➡ হতাশাগ্ৰস্ত ব্যক্তিক বিভিন্ন সৰল কাম কাজ কৰিবলৈ দিয়ক।  পৰ্যাপ্ত বিশ্ৰাম আৰু ধ্যান পদ্ধতি সহ ধনাত্মক শক্তি (positive power) তৈয়াৰ কৰক।


    ➡ প্ৰানায়ম আৰু অনুলোম-বিলোম নিয়মিত কৰক৷


    ➡ ভাললগা শান্ত গান শুনক৷


    ➡ সাত্বিক ভোজন কৰক৷ যেনে সতেজ আহাৰ, ফলমূল কল, আপেল আদি৷


    আয়ুৰ্বেদত ব্যক্তি বিশেষে হোৱা হতাশাৰ উন্নত চিকিৎসাপ্ৰনালী আছে৷ গতিকে কোনো ঔষধ গ্ৰহন কৰা আগে আয়ুৰ্বেদিক বিশেষজ্ঞ লগত পৰামৰ্শ নিতান্তই প্ৰয়োজনীয়৷ 



     



    www.fitassam.xyz

  • আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese
  •  

    আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    আয়ুৰ্বেদে (Ayurveda) মনুষ্য জাতিক তিনটা ভাগত আৰু দোষত (dosha) বিভক্ত কৰিছে।  প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা না ত্ৰুটি বা দোষৰ ভাৰসাম্যহীনতা থাকে, যাৰ কাৰণে তেওঁ অসুস্হ হৈ পৰে।


    আয়ুৰৰ্বেদৰ এই ত্ৰিদোষ কি? What are the three doshas in Ayurveda? in assamese


    এই দোষ ( ayurveda dosha) তিনিটা হৈছে  - বাত (বায়ু), পিত্ত (অগ্নি), কফ (পৃথিৱী)


    আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    বাত (বায়ু)-Vata (air):

    বাত দোষথকা লোক বায়ুৰ সমান হয়৷ এনে লোক উৰ্জা বা  শক্তিৰে পূৰ্ণ হয় আৰু সৰ্বদা সক্ৰিয় হৈ থাকে।শাৰীৰিকভাবে দুৰ্বল আৰু পাতল, স্বভাৱৰ পৰা উৎসুক এনে লোক  ক্ৰমাগত উত্তেজিত আৰু নতুন অভিজ্ঞতাৰ সন্ধানত থাকে। এওঁলোকৰ জীৱন আৰু কামৰ প্ৰতি সৃজনশীল মনোভাব থাকে।  বাত আক্ৰান্ত ব্যক্তিৰ চৰ্দি আৰু ত্বকৰ অসুবিধাত ভুগে।  কম টোপনিৰ কাৰণে এনে লোকৰ অধিক বিশ্ৰাম দৰকাৰ হয়৷


    বাত দোষ ভাৰসাম্যহীনতা, ওজন হ্ৰাস, দুৰ্বলতা, অস্থিৰতা আৰু হজমৰ সমস্যা হব পাৰে।


    আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    এইসমূহক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে গধুৰ আৰু ভাল আহাৰ খাওক।  নিমখীয়া, টেঙা আৰু মিঠাই  জাতী য় আহাৰে এনে লোকৰ উপকাৰ কৰে।  এনেলোকৰ তিতা আৰু মশলাযুক্ত আহাৰ খোৱা উচিত নহয়।  চাউল বাত দোষৰ বাবে উত্তম আহাৰ।  আম, অমিতা, খেজুৰ, আনাৰস আৰু শুকান ফল বাত দোষথকা লোকৰ পক্ষে ভাল।


    জালুক, জিৰা, দালচেনি, ইলাচী, নিমখ, চফ, লং, তুলসী, সৰিয়হ আৰু আজৱাইন বাত দোষক ভাৰসাম্য বৰ্তায় ৰখাত সক্ষম হয়।




    পিত্ত (অগ্নি):Pitta (fire):


    আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    অগ্নিৰ দৰে, এই ধৰণৰ লোক শক্তিশালী বা আৰু সংগ্ৰামী হয়।  এই কাৰণেই এনে লোক দুৰ্দান্ত নেতা হব পাৰে আৰু ভাল ব্যৱস্থাপনাৰ দক্ষতা অৰ্জন কৰিব পাৰে।  পিত্ত দোষ থকা এনে লোকৰ হজম ব্যৱস্থা ভাল হয় আৰু লগতে এওঁলোকৰ খুব ক্ষুধা বা ভোক লাগে৷ এনে লোকৰ এওঁলোকৰ বিষয়সমূহ সঠিকভাবে ব্যাখ্যা কৰাত সক্ষম হয় আৰু প্ৰতিটি কাম ভালভাবে সম্পাদন কৰিব পাৰে।


    পিত্ত দোষৰ ভাৰসাম্যহীনতাই জ্বলন সংবেদন, গৰম পৰিবেশেত থাকিব নোৱাৰা, ৰ‌ঙা পৰি যোৱা আৰু বুকু জ্বলন পুৰনৰ দৰে সমস্যা সৃষ্টি কৰে। এই প্ৰবণতাৰ লোকে নিমখ, জ্বলা আৰু টেঙা খোৱা উচিত নহয়।  মিঠা ফল, যেনে আম, পকা আনাৰস, কমলা ইত্যাদি এওঁলোকৰ বাবে উপকাৰী।  চাইট্ৰিক ফল অৰ্থাৎ টেঙা ফল এৰাই চলক।


    শাকপাচলিৰ ভিতৰত পাত শাকজাতীয় পাচলি, বন্ধাকবি, বীন, তিয়হ, ভেন্দী, মটৰগুটি, আলু, চালাদ ইত্যাদি আপোনাৰ বাবে উপকাৰী।  নহৰু, পিয়াজ, গাজৰ, বিট, মূলা, গৰম মছলা আৰু পালং শাক এৰাই চলক৷



    কফ (পৃথিৱী)- Kapha (Earth):


    আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    কফ ত্ৰুটিযুক্ত ব্যক্তি শান্ত, স্থিতিশীল আৰু পৃথিৱীৰ দৰে ভূমিৰ লগত সংযুক্ত থাকে।  তেওঁলোক প্ৰেমময়, নিষ্ঠাবান আৰু শিৰোনামত থকাতো পছন্দ কৰে।  এনে লোক শক্তিশালী, দৃঢ় আৰু ধীৰ গতিৰ লোক হয়। এওঁলোকে নিশ্চিত দিনচৰ্যা পছন্দ কৰে আৰু এটি ধীৰ জীৱনত সুখ পাই।  এনে লোকৰ ওজন সহজেই বৃদ্ধি পায়।


    কফ ভাৰসাম্যহীন হৈ গলে, ওজন বৃদ্ধি, চিন্তা বা স্ট্ৰেচ, টিউমাৰ আৰু fluid retention দৰে সমস্যা আৰম্ভ হয়।


    এনে ক্ষেত্ৰত পাতল ডায়েট ওজন কমোৱাত সহায়তা কৰে।  তিতা আৰু মশলাদাৰ আহাৰ ভাল হয়, কিন্ত্ত লগতে আপুনি মিঠা আৰু নিমখীয়া আহাৰৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়া হয়।


    এইসকল লোকে সকলো ধৰনৰ  শাকপাচলি খাব পাৰে৷ কিন্ত্ত মিঠা আলু আৰু বিলাহী, মিঠা আৰু ৰস থকা পাচলি এওঁলোকেীৰ পক্ষে ভাল নহয়।  ডিটক্সিফাই ডায়েট (Detoxify diet) আৰু জুইচ কফ ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে উত্তম, কাৰণ তেওঁলোকৰ হজম চিস্টেমক ভাল ৰাখে।  নাচপাতি, আপেল, এপ্ৰিকটচ জাতীয় ফলসমূহ শৰীৰৰ ভাৰসাম্য বৰ্তায় ৰখাত সহায়তা কৰে। এওঁলোকে কল, কমলা আৰু তৰমুজ জাতীয় ফল এৰা উচিত।


    www.fitassam.xyz

  • হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart
  • হৃদৰোগ - heart disease or cardiovascular disease - in assamese


    হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart

    হৃদৰোগ(heart disease) আজিৰ যুগত মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। পূৰ্বতে ধনী দেশসমূহত এই সমস্যা বেছি দেখা পোৱা গৈছিল কিন্তু বৰ্তমান ইয়াৰ প্ৰাদুৰ্ভাব প্ৰগতিশীল দেশসমূহও দেখা পোৱা যায়।  উচ্চ ৰক্তচাপ, ডায়াবেটিচ, পাৰিবাৰিক জেনেটিক কাৰণ, ধূমপান ইত্যাদি সকলোয়ে এই ৰোগৰ সম্ভাৱনা বঢ়াই তোলে।  ব্যক্তিৰ জীৱনধাৰা আৰু দৈনন্দিন গতিশীলতাই এই ৰোগ হোৱাৰ সম্ভাৱনা নিৰ্ধাৰণ কৰে।



    হৃদৰোগ আৰু কাৰ্ডিওভাচকুলাৰ ৰোগৰ কাৰণসমূহ- heart disease causes in assamese


    হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart

    হৃদৰোগৰ প্ৰধান কাৰণ হ'ল (cardiovascular disease symptoms in assamese)
    খাদ্যাভাসৰ বদ্‌ অভ্যাস, বেছি সময় বহি থকা, ব্যায়াম নকৰা বা শাৰীৰিক পৰিশ্ৰম নকৰা, বেছি চিন্তা কৰা, সময়মতো টোপনি নোযোৱা ইত্যাদি৷

    তদুপৰি, শাকপাচলিত ব্যৱহৃত কীটনাশক, ৰাসায়নিক সাৰ ব্যৱহাৰ, চেনিযুক্ত আহাৰ, ফাস্টফুড, স্ট্ৰেচযুক্ত জীৱন যাপন ইত্যাদিয়ে সৰ্বাধিক হৃদৰোগ হোৱাৰ কাৰন।  


    অনিয়মিত খাদ্যপ্ৰনালী, ভজা, অতিৰিক্ত চেনিযুক্ত খাদ্যৰ গ্ৰহণ আৰু অবিচ্ছিন্নভাবে বহি থাকি কাম কৰাৰ কাৰণে হৃদৰোগ সম্ভাৱনা বাঢ়ে।



    হজম যদি সঠিক নহয় তেন্তে ই হৃদৰোগৰ(heart disease) উৎসৰ কাৰণ হব পাৰে৷ যি আহাৰ দেহত সঠিকভাবে হজম নহয়, তেন্তে অম্লীয় টক্সিন বা আম (acidic toxins or 'Aama') তৈয়াৰ হয়।  এই আম য়ে গৈ ৰক্তত  'সামা(Sama) উৎপাদন কৰে।  এই পদাৰ্থটি ৰক্তক স্বাভাৱিকতকৈ বেছি ঘন কৰি তোলে, যাৰ ফলত ধমনী উৎসসমূহত 'আম' জমা হয়, বিশেষকৈ এনে স্হানত যি পূৰ্বৰেপৰা দুৰ্বল।


    এইভাবে ৰক্তৰ ধমনীৰ ব্যাস হ্ৰাস পায় আৰু ফলস্বৰূপ, ৰক্ত ​​স্বাভাৱিকতকৈ বেছি চাপ বহন কৰে।এই বৰ্ধিত চাপেই উচ্চ ৰক্তচাপৰ(high blood pressure) ৰূপ লয়। ইয়াৰ ফলত, ৰক্তৰ ধমনীসমূহ আৰু ঘন আৰু কঠিন কৰি তোলে৷ এই ৰোগটিক angiosclerosis বোলা হয়।(hypertension heart disease in assamese) ৰক্তচাপ যদি উচ্চ হৈ থাকে তেতিয়া ৰক্তত থকা আম (acidic toxin) আৰু কলেষ্টৰেল ধমনীৰ ৱালত জমা হব ধৰে৷ ফলত ধমনীসমূহ সঙ্কুচিত হব ধৰে, খাদ্যৰ অতিৰিক্ত চেনি ৰক্তনলীৰ অভ্যন্তৰীণ আস্তৰণত প্ৰদাহ (inflammation) সৃষ্টি কৰে, যাৰ ফলত ৰক্তত উপস্থিত এলডিএল (LDL) জমা হয় আৰু এটি ডাঠ স্তৰ তৈয়াৰ হয়। ই ৰক্তৰ ক্লট(clot)সৃষ্টি কৰে(ধমনীত)৷  এই ক্লটে ৰক্ত ​​প্ৰবাহক বাধা দিয়ে।  ফলস্বৰূপ, যি অংশত এয়া হয়ছে সেই অংশত ৰক্ত ​​প্ৰবাহে বাধা সৃষ্টি কৰে। ই যদি হাৰ্টৰ ধমনীত হয় তেন্তে হাৰ্ট এটেক (heart attack) হয়।  একেদৰে যদি ই মস্তিষ্কৰ স্নায়ুসমূহত সংঘটিত হয় তেন্তে মস্তিষ্কৰ স্ট্ৰোক (brain strock) হয়।  তাৎপৰ্যপূৰ্ণভাবে, প্ৰদাহ (inflammation) ময়দাৰে তৈয়াৰী আহাৰৰ অধিক গ্ৰহন কৰা ফলত আৰু ভেজিটেবুল অয়ল (vegetable oil) ৰে তৈয়াৰী আহাৰৰ পৰাও উৎপন্ন হয়।



    পথ্য আৰু অপথ্য- হৃদৰোগত কি খাব কি নাখাব- heart disease diet in assamese


    হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart


    • পুষ্টি সমৃদ্ধ আহাৰ গ্ৰহণ কৰা খুব জৰুৰী।
    •  পৰিশোধিত তেল (refined oil), এলডিএলযুক্ত উদ্ভিজ্জ তেল(vegetable oil)  ব্যবহাৰ কৰা উচিত নহয়।  উদ্ভিজ্জ তেলত পোৱা লিপিডসমূহ (lipid) হৃদয়ৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

    • আপুনি জানি অবাক হব পাৰে যে গৰুৰ গাখীৰৰ পৰা  তৈয়াৰী প্ৰাকৃতিক মাখন বা ঘি খালে ৰক্তৰ ধমনীত এটি প্ৰতিৰক্ষামূলক স্তৰ সৰবৰাহ কৰে যাতে ৰক্তত উপস্থিত চুগাৰে যাতে ধমনীত প্ৰদাহ (inaflammation) সৃষ্টি কৰিব নোৱাৰে।  ( বিবেচনা কৰা বিষয় যে, প্ৰদাহজনিত কাৰণতে, ধমনীত ৰক্তৰ ক্লটিং তৈয়াৰ হয়)।  ই EFA (essential fatty acids) আৰু HDL ৰ উৎসও।
    • হাড়ৰ স্বাস্থ্যৰ বাবে গোটা বা বাকলি থকা দাইল, শস্য আৰু সতেজ ফল, শাকসবজি আৰু HDL, EFA (essential fatty acids) যুক্ত আহাৰ গ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ।
    • ৰাতিপুৱা আৰু ৰাতিৰ আহাৰ পাতল আৰু সহজে হজম হোৱা বিধৰ হব লাগে৷ মধ্যাহ্নভোজন কিছু গধুৰ হব পাৰে।

    • দুগ্ধজাত পণ্য, আৰু ঠান্ডা বাহি খাদ্য গ্ৰহণ কৰা উচিত নহয়।

    • সকলো ময়দাৰে তৈয়াৰী খাদ্য পদাৰ্থ অখাদ্য (ভোজ্য নহয়)।

    • মাংস, এলকহল আৰু ধূমপান সেৱনৰ ফলত ৰক্তত অম্লতা বৃদ্ধি পায় আৰু টক্সিন তৈয়াৰ হয় যি হৃদৰোগীসকলে এৰা উচিত।

    • অঙ্কুৰিত শস্য, পনীৰ, গৰুৰ গাখীৰৰপৰা তৈয়াৰী ঘৰুৱা ঘি, সতেজ গাখীৰ(সৰবিহীন) হৃদৰোগীৰ (ভোজ্য) খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

    • হৃদৰোগীয়ে খুব বেছি আহাৰ গ্ৰহন কৰা  উচিত নহয় আৰু ক্ষুধাৰ্ত হলেহে খোৱা উচিত।  পেট পূৰ্ণ কৰি খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, তদুপৰি ভোকতকৈ কিছু কমকৈ খোৱা উচিত। ই কাৰ্ডিওভাচকুলাৰ ৰোগ(heart disease) আৰু উচ্চ ৰক্তচাপৰপৰা মুক্তি দিয়ে।



    হৃদপিণ্ড বা কাৰ্ডিওভাচকুলাৰ ৰোগৰ উপকাৰী কিছু ঘৰুৱা প্ৰতিকাৰ-  home remedies for strong heart


    https://www.fitassam.xyz/2020/06/fenugreek-water-benefits-in-assamese.html

    ➡ 
    নহৰু সেৱন উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়তা কৰে। ১ গ্ৰাম নহৰু পেস্ট  দিনে দুবাৰ খাওক৷ নহৰুৱে বৰ্ধিত কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে।
    ➡ ৰাতি শুৱাৰ আগে এক চামুচ মেথি বীজ তিয়াই ৰাখক। ৰাতিপুৱা, মেথিৰ বীজসহ পানীখিনি খোৱা উচিত। (পঢ়কঃ মেথি বীজ কিদৰে প্ৰস্তুত কৰিব, ইয়াৰ উপকাৰিতা)
    ➡ ৰাতিপুৱা মৌৰ লগত ত্ৰিফলা গুঁড়ি খালে ৰক্ত ​​পৰিশোধন আৰু উচ্চ ৰক্তচাপ পৰা মুক্তি পোৱাত সহায়তা কৰে।
    ➡ অৰ্জুনৰ ছাল বা অৰ্জুনাৰিষ্ট ব্যৱহাৰ হৃদৰোগৰ (heart disease) বাবে উপকাৰী। আৰু ই ৰক্তৰ প্ৰবাহত বাধা সমূহ আতৰ কৰাত সহায়তা কৰে।  অৰ্জুনে হৃদয়ক শক্তিশালী কৰাতো সহায়তা কৰে।  অৰ্জুনৰ ছাল 30 গ্ৰাম আৰু 15 গ্ৰাম ঘেহুৰ আটা গৰুৰ গাখীৰ পৰা তৈয়াৰী দেশী ঘি ৰে ভাজি লওক৷ ইয়াত সামান্য গৰুৰ গাখীৰ যুক্ত কৰক আৰু এই মিশ্ৰণটি কিছুক্ষণ ৰান্ধক আৰু ইয়াৰপিছত কিছু পানী যোগ কৰক।  এই হালৱাৰ ব্যবহাৰ হৃদৰোগৰ(heart disease) বাবে অতি উপকাৰী৷ আৰু পঢ়কঃ অৰ্জুনাৰিষ্ট কিদৰে ব্যৱহাৰ কৰিব আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতা

    ➡ দিনে এক কাপ গাখীৰৰ লজত অৰ্জুনৰ ছাল 1 গ্ৰাম পান কৰক।
    ➡ গুলকন্দ(gulkand) সেৱনে হাৰ্টক মজবুত কৰাৰ লগতে হাৰ্টবিট(heartbeat) হাৰক নিয়ন্ত্ৰণ কৰাতো সহায়তা কৰে।
    ➡ নিয়মিত মৌ খোৱাৰ ফলত হৃদয়ে পুষ্টি লাভ কৰে।
    ➡ প্ৰতিদিনে ডালিমেৰ ৰস পান কৰিলে হৃদৰোগ (heart disease) পৰা মুক্তি পোৱা যায়।  ডালিমৰ শুকান পাতৰ গুঁড়ি প্ৰস্তুত কৰি সতেজ পানী দি খোৱা উচিত। ইয়াৰ ব্যৱহাৰে ধমনীত জমা মল নিৰাপদে শৰীৰ পৰা বাহিৰ কৰি দিয়ে৷ 
    ➡ শিলাজিত বা ৰক চল্ট(কলা নিমখ) নিয়মিত সেবন কৰাও এই ৰোগৰ বাবে অতি উপকাৰী।

    ( আৰু পঢ়কঃ নিমখ কিমান পৰিমাণে খাব?)


    ➡ দক্ষ আয়ুৰ্বেদচাৰ্যৰ লগত পৰামৰ্শ কৰি যদি আপুনি এই নিয়মসমূহ ব্যৱহাৰ কৰে তেন্তে শীঘ্ৰেই আপুনি স্বাস্থ্য উপকাৰিতা পাব।


    হৃদৰোগ বা কাৰ্ডিওভাচকুলাৰ ৰোগ প্ৰতিৰোধ - heart disease prevention in assamese



    https://www.fitassam.xyz/2020/06/fenugreek-water-benefits-in-assamese.html

    নিৰামিষ খাদ্য যেনে, মাংস, এলকহল আৰু ধূমপান সেৱন আদি বিৰত থাকিলে হৃদৰোগৰ(heart disease) সম্ভাৱনা অনেকাংশে হ্ৰাস হয়।


     চাহ, কফি আৰু কেফেইন সমৃদ্ধ পানীয় বেছি পৰিমাণে গ্ৰহণ কৰা উচিত নহয়।


     নিয়মিত ব্যায়াম, দ্ৰুতভাৱে খোজকঢ়া (brisk walking), জগিং, সাঁতোৰা হৃদৰোগৰ সম্ভা্না হ্ৰাস কৰে।


    যোগাসনসমূহৰ নিয়মিত অনুশীলনে হৃদয় আৰু স্নায়ুতন্ত্ৰ উভয়কেই কাৰ্যক্ষম কৰে আৰু শক্তিশালী কৰে।  যোগাসনৰ পিছত, নাৰীশুধন প্ৰাণায়াম প্ৰতিদিন অনুশীলন কৰিলে  মানসিক, আধ্যাত্মিক আৰু শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত অলৌকিক উপকাৰ পোৱা যায়।  বিপৰীতকৰনী, সৰ্বঙ্গাসন, আধোমুখশ্বনাসন, পশ্চিমোত্তানাসন সহ অন্যান্য আসন যোগ্য শিক্ষকৰ দ্বাৰা অনুশীলন কৰা উচিত।  আসনসমূহৰ শেষত শৱাসন দ্বাৰা নিজকে বিশ্ৰাম দিবলৈ নাপাহৰিব৷


     

    সতৰ্কতা: কেৱল দক্ষ যোগাচাৰ্যৰ পৰা শিকি নতুবা তেওঁৰ নিৰ্দেশ অনুযায়ী যোগাসন কৰক।  কোনও কিতাব বা অন্যান্য চচিয়েল মিডিয়া চাই সহজে অনুশীলন কৰা উচিত নহয়।


    ইয়াৰউপৰি, ব্যৱহাৰত সৰলতা, প্ৰেম, মধুৰতা আদিও দেহৰ বাবেও আনন্দদায়ক হয়। ইয়াৰ দ্বাৰা আমাৰ ব্যৰ্থ বিৰোধ বা কাজিয়া পৰা বাচিব পাৰি আৰু অভ্যন্তৰীণ বল বা শক্তিও তৈয়াৰ হয়।


    মস্তিষ্কক শান্ত ৰখা উচ্চ ৰক্তচাপক বৃদ্ধিত বাধা দিয়ে।যদি অধিক ক্ৰোধ হয় তেন্তে শ্বাস প্ৰশ্বাসত ধ্যান কেন্দ্ৰিত কৰি এই ব্যবহাৰিক দুৰ্দশা পৰা হাত সাৰিব পৰা যায়৷  আচৰণ আৰু ব্যৱহাৰক নম্ৰ কৰাৰ চেষ্টা কৰক।  খুলা হাঁহি হৃদয়ৰ পক্ষে ভাল। আনকি যদি আপুনি কান্দিব বিচাৰে তেন্তে খুলাভাৱে কান্দি লওক আৰু  নিজকে মানসিক চাপৰ পৰা মুক্ত ৰাখিবলৈ যত্ন কৰক৷ 


    ৰাতিপুৱা ত্ৰিফলা লগত  মৌ সেৱন কৰিলে  ৰক্তত উপস্থিত আমৰ(Aama)ৰপৰা মুক্তি পোৱা যায় আৰু হৃদপিণ্ডও পুষ্ট হয়।


    প্ৰতিদিন সতেজ আমলখী পৰা উলোৱা ৰস খালে হৃৎপিণ্ডৰ পুষ্টি আৰু স্বাস্থ্য বৃদ্ধি হয়৷


    আশাঁ কৰো উপৰোক্ত হৃদৰোগৰ (heart disease) ৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে জানি উপকৃত হল৷ 


    লিখনিটো সম্পূৰ্ণকৈ পঢ়া বাবে ধন্যবাদ৷ লগতে

    মোৰ অন্য লিখনি পঢ়িবলৈ www.fitassam.xyz পেজৰ অন্য শিতান চাব পাৰে৷ 


    Follow author- 

    Website- www.fitassam.xyz

    Email- fitassam@gmail.com

    Instagram- https://www.instagram.com/fitassam?r=nametag

    Facebook page -https://www.facebook.com/fitassam/ (দেহ,মন আৰু স্বাস্থ্য)


    ধন্যবাদ ৷৷


    www.fitassam.xyz

Powered by Web RSS